বিৰোধীত থাকিলে উন্নয়নত ব্যাঘাট হ’ব

বিটিআৰৰ ৰূপহীত ভবানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ সভা।সভাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ চীফ প্ৰমোদ বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা।সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে নিৰ্বাচনী ভাষণ।তালা-চাবি গোন্ধাই থাকে সেই বাবে ফণীধৰ তালুকদাৰক বিজেপিলৈ আহিব কলোঁ। বিৰোধীত থাকিলে উন্নয়নত ব্যাঘাট হ’ব।ভবানীপুৰ সমষ্টিৰ উন্নয়নৰ বাবে ফণীধৰ তালুকদাৰক বিধায়ক পদ ত্যাগ কৰিবলৈ আহ্বান জনাইছিলোঁ।ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদানৰ প্ৰসংগত এইদৰে কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।ইয়াৰোপৰি তেওঁ কয়, ডেকা লৰা শেষ কৰা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই চাৰিশ কৌটি টকাৰ ড্ৰাগছ জব্দ কৰিছোঁ।দালালক বিদায় দিয়াটো আমাৰ চৰকাৰৰ সিদ্ধান্ত।আগন্তুক ৫ বছৰত কোনো চৰকাৰী কৰ্মচাৰীয়ে সাধাৰণ লোকৰ পৰা উৎকোচ লবলৈ ভয় কৰিব।
আনহাতে এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিয়ে দিছে জোৱাৰ।বাথৌ মন্দিৰলৈ চৰকাৰী সাহাৰ্য্য দিয়া হ’ব।ৰূপহীত উত্তম খেৰকটাৰীৰ স্মৃতিত সভাগৃহ নিৰ্মাণ কৰা হ’ব।ৰাষ্টা নিৰ্মাণ কৰা হ’ব, পহুমাৰাৰ গৰাখহনীয়া ৰোধ কৰা হ’ব।শালবাৰী কলেজত বিজ্ঞান আৰু বানিজ্য শাখা এপ্ৰিলৰ পৰা আৰম্ভ হ’ব।মাইনাও বজাৰত ৩০ খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰা হ’ব।বিটিআৰৰ ৰূপহীত নাৰ্চিং কলেজ স্থাপন কৰা হ’ব।১০০ কোটি টকাৰে দখনা আৰু আৰনাই কিনিব অসম চৰকাৰে।১৫ কোটি টকাৰে হেণ্ডলুম কেন্দ্ৰ স্থাপন কৰা হ’ব।ৰূপহী আৰু চমুৱাগাতিৰ মাজত ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।
ৰাইজক বিস্বাসঘাটকটা কৰিব নাপায়, প্ৰবঞ্চনা কৰিব নাপায়।১৫ নবেম্বৰৰ পৰা ১১ লাখ মহিলাক মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ বাবে চেক প্ৰদান কৰিম।অহা এপ্ৰিলত অৰুনোদয়ৰ মুল্য বৃদ্ধি হ’ব।ভবানীপুৰ সমষ্টিত আৰু ৭ হেজাৰ লোকক অৰুনোদয় দিয়া হ’ব।আনহাতে বিটিআৰৰ মূৰব্বী প্ৰমোদ বড়োৱে কয় যে, এটা সময়ত অসমত যে মুখ্যমন্ত্ৰী আছে আমি গম পোৱা নাছিলোঁ আজি আমাৰ পদূলিত মুখ্যমন্ত্ৰী।বিটিআৰৰ উন্নয়ন হ’ব লাগিলে বিটিআৰ স্থিৰ হ’ব লাগিব।সকলোৱেই ভূমিৰ অধিকাৰ পাব লাগিব আৰু সকলোৰে ভাষা সংস্কৃতি অটুত থাকিব লাগিব, তাৰ কাৰণে মই কাম কৰিম।বড়োলেণ্ড বাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সদায় ঋণী হৈ থাকিম।এই নিৰ্বাচনী সভাতেই ৰঞ্জিত খেৰকটাৰীৰ নেতৃত্বত ৩০ গৰাকী লোকে বিজেপিত যোগদান কৰে।