Local, Vocal, Global

পুনৰ কিশোৰী ধৰ্ষণৰ ঘটনা

গৃহ বিভাগৰ দায়ীত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অপৰাধৰ ৰোধৰ ক্ষেত্ৰত আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পিছতো একাংশ আৰক্ষী বিষয়াই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অধীনস্থ কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ কাম কাযত ক্ষুণ্ণ হৈ পৰিছে একাংশ ৰাইজ।

এগৰাকী কিশোৰক নিচাযুক্ত টেবলেট খুৱাই ধৰ্ষণ কৰা ঘটনা সন্দৰ্ভত বিগত ৩ অক্টোবৰতে এজাহাৰ দাখিল কৰাৰ পিছতো আজি পৰ্যন্ত অপৰাধী মুকলি আকাশৰ তলত ঘূৰি ফুৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে ন্যায়ৰ বাবে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপ দাবী কৰি শনিবাৰে নিৰ্যাতিতাৰ গৃহ গাঁও কামৰূপ জিলাৰ পূব জটিয়া ভাঙাৰাত ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

এক অক্টোবৰ দিনা ঢোপৰগাঁওৰ নুৰ আলি নামৰ তিনিটা সন্তানৰ পিতৃ বয়সষ্ঠ লোক এজনে নিচাযুক্ত টেবলেট খুৱাই বৰ্বৰ ভাৱে ধৰ্ষণ কৰে। এই সন্দৰ্ভত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষী থানাত ৩৯৪/ ২০২ নম্বৰৰ এটা গোচৰত ভাৰতীয় দণ্ড বিধি আইনৰ ৩২৮/৩৭৬(বি) / ৩৪২/৫০৬ ধাৰাত ৰুজু কৰিছে । কিন্তু আজি পৰ্যন্ত মূল অপৰাধী নুৰ আলিক গ্ৰেপ্তাৰ কৰিব পৰা নাই।