জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ অন্তিম কাৰ্য্যসূচী সম্পন্ন
ডিজিটেল ডেস্ক:-জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ অন্তিম কাৰ্য্যসূচী বাৰেবৰণীয়া সাংস্কৃতিক সমাৰোহৰ বৃহস্পতিবাৰে নিশা সফল সমাপ্তি ঘটে৷পাহাৰ ভৈয়ামৰ সমন্বয় বিশাল সাংস্কৃতিক সমাৰোহ খনি শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰই৷মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ মহন্ত আৰু ডি.জি.পি -জি.পি সিঙৰ লগতে আৰক্ষী উপ মহাপৰিদৰ্শক (প্ৰশাসন)পাৰ্থ সাৰথি মহন্তই৷ইয়াৰ পূৰ্ব্বে বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিয়ে আয়োজন কৰা এক সম্বৰ্দ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠানত সমাজৰ বৰ্ষীয়ান নাগৰিক সকলক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে বিভিন্ন প্ৰতিযোগীতাৰ আৰু ২১ খন খলাৰ ভাওনা সমুহৰ শ্ৰেষ্ঠতাৰ ভিত্তিত বঁটা সমূহ বিতৰণ কৰা হয় ৷ নিশা অংগৰাগ মহন্তৰ গীতৰ সুৰে মোহচ্ছন্ন কৰি তোলা সাংস্কৃতিক সমাৰোহ খনিৰ লাখ লাখ শ্ৰোতা দৰ্শকৰ উপস্থিতিয়ে পকামুৰা পথাৰ লোকে লোকাৰণ্য হৈ পৰে৷