বিবাহ অবিহনেই সন্তান জন্ম দিয়াৰ অনুমোদন চৰকাৰৰ !

ডিজিটেল ডেস্ক:-দেশৰ জনসংখ্যা হ্ৰাস পোৱা হেতুকে লোৱা হৈছে বিভিন্ন পদক্ষেপ। বিবাহৰ ক্ষেত্ৰতো লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। বিশেষকৈ কম খৰচতে যাতে বিবাহ অনুষ্ঠান আয়োজন কৰিব পাৰে তাৰ বাবে ব্যয়বহুল বিবাহ নিষিদ্ধ কৰিছে চৰকাৰে। আটাইতকৈ ডাঙৰ প্ৰসংগটো হল প্ৰতিদিনে হ্ৰাস পোৱা জনসংখ্যাৰ মাত্ৰা বৃদ্ধি কৰিবলৈ লোৱা হৈছে বিষে। ততপৰতা, প্ৰয়োগ কৰা হৈছে বিভিন্ন কৌশল। ইয়াৰ উপৰিও বিবাহ অবিহনে সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। উক্ত বিষয়ক লৈ দেশখনত প্ৰণয়ন কৰা হৈছে বিভিন্ন আঁচনি। চিকিৎসা বিভাগক দিয়া হৈছে গুৰুত্বপূৰ্ণ দায়িত্ব। বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিৱৰ্তে কমিবলৈ আৰম্ভ হৈছে যুৱক-যুৱতীৰ সংখ্যা। বিবাহৰ ক্ষেত্ৰত আছে বহুতো পৰম্পৰা। লৰাৰ ফালৰ পৰা ছোৱালীক দিয়া যৌতুক, ইয়াৰ উপৰিও বিবাহৰ ৰীতি-নীতিত প্ৰয়োজন হয় প্ৰায় এটা বছৰ। যাৰ পৰিপ্ৰেক্ষিতত বহুলোকে আনকি বিবাহো নকৰায়। এতিয়া চৰকাৰে এই ৰীতি-নীতি, পৰম্পৰাৰ সমাপ্তিৰ কথা ঘোষণা কৰিছে। দেশখনৰ জনসংখ্যা বৃদ্ধিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছে চৰকাৰে। যোৱা কেইটামান দশকৰ পৰাই দেশখনত হ্ৰাস পাবলৈ ধৰিছে জনসংখ্যাৰ হাৰ। ইয়াৰ বাবে সজাগতা অভিযান চলোৱা হৈছে দেশৰ বিভিন্ন প্ৰান্তত। ইয়াৰ উপৰিও মহিলা দিৱসত চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে বিশেষ ব্যৱস্থা। দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে গণ বিবাহৰ দৰে অনুষ্ঠান। অধিক সন্তান জন্ম দিয়াৰ বাবে দেশৰ নাগৰিকক প্ৰদান কৰা হৈছে বিশেষ সুবিধা। যত এখন ৰক্ষণশীল সমাজ থাকে, তাত কঠোৰ নিয়ম অনুসৰণ কৰা হয়। জনসংখ্যা বৃদ্ধিৰ বাবে চৰকাৰে এনে বহু ব্যৱস্থা হাতত লৈছে যি জানিবলৈ বা শুনিবলৈ আচৰিত। এতিয়াৰে পৰা বিবাহ নোহোৱা অভিভাৱকসকলক মাতৃকালীন ছুটী আৰু চিকিতসা ব্যয় প্ৰদান কৰা আৰম্ভ কৰিছে। আনহাতে অবিবাহিত মাতৃসকলেও বিভিন্ন ধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰিব। যি সুবিধা এতিয়ালৈকে কেৱল বিবাহিত দম্পতীয়েহে লাভ কৰিছে। দেশৰ ৩ সন্তান নীতিৰ পৰিৱৰ্তে শিশুৰ সংখ্যাৰ ওপৰত থকা প্ৰতিটো বাধ্যবাধকতা, প্ৰতিবন্ধকতা ইতিমধ্যেই প্ৰত্যাহাৰ কৰিছে। সন্তান জন্ম দিয়াৰ বাবে চৰকাৰে নৱ বিবাহিত দম্পতীক ৩০ দিনৰ সবেতন বিবাহ ছুটী দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে যাতে স্বামী আৰু পত্নীয়ে ইজনে সিজনৰ লগত সময় অতিবাহিত কৰিব পাৰে, লগতে জনসংখ্যা বৃদ্ধিত অংশীদাৰ হব পাৰে। আগতে চীনত বিবাহৰ বাবে মাত্ৰ ৩ দিনৰ সবেতন ছুটী উপলব্ধ আছিল। এনেদৰে বিভিন্ন পন্থা অৱলম্বন কৰি চীন চৰকাৰে অতি কম সময়ৰ ভিতৰত এই জ্বলন্ত সমস্যা নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছে। লক্ষণীয়ভাৱে চীন চৰকাৰৰ এই পদক্ষেপ পৰৱৰ্তী সময়ত কিমান সফল হব।