আজি মুম্বাইত অন্তিম সংস্কাৰ কে.কে.ৰ
নিউজ ডেস্ক, ২ জুন: আজি মুম্বাইত ভাৰ্ছোভা শ্মশানসমাধিক্ষেত্ৰত অন্তিম সংস্কাৰ কৰা হব জনপ্ৰিয় কন্ঠশিল্পী কে.কে.ৰ।
মৰণোত্তৰ পৰীক্ষাৰ পিছত বুধবাৰে নিশা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত কন্ঠশিল্পীগৰাকীৰ মৃতদেহ মুম্বাইত থকা তেওঁৰ বাসগৃহলৈ অনা হৈছে আৰু কন্ঠশিল্পীগৰাকীৰ অন্তিম সংস্কাৰ আজি ২ মে অৰ্থাৎ বৃহস্পতিবাৰে সম্পন্ন হ’ব।
তেওঁৰ আকস্মিক মৃত্যুয়ে সমগ্ৰ দেশতে এক শোকাকুল পৰিৱেশ গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, চলমান খান, বিকি কৌশল, ৰাম চৰণ, সোনল চৌহান, ৰাহুল বৈদ্য, বিশাল দাদলানি, চেলিম মাৰ্চেণ্ট, অজয় দেৱগন, শ্ৰেয়া ঘোষাল, নীল নীতিন মুকেশ আৰু অন্যান্য খ্যাতিমান ব্যক্তিকে মুখ্য কৰি লাখ লাখ অনুৰাগীয়ে কন্ঠশিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
পশ্চিম বংগ চৰকাৰে বুধবাৰে তেওঁৰ দেহাৱশেষত পিষ্টল চেলুট নিক্ষেপ কৰি কেকেক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰবীন্দ্ৰ সদনত প্ৰয়াত কন্ঠশিল্পীগৰাকীক পুষ্পাঞ্জলি জ্ঞাপন কৰে।
বাতৰি অনুসৰি, এছ.এছ.কে.এম. চিকিৎসালয়ে কলকাতা আৰক্ষীক দাখিল কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ মৃত্যু ‘মায়োকাৰ্ডিয়েল ইনফাৰ্কচন’ৰ ফলত হৈছিল, যাক হৃদআক্ৰমণ বুলিও কোৱা হয়। অৱশ্যে চূড়ান্ত ৰিপ’ৰ্ট কেমিকেল বিশ্লেষণৰ পিছতহে লাভ কৰিব।
কেকেৰ পত্নীৰ সৈতে চিকিৎসকে কথা পাতি জানিব পাৰিছে যে কেকেই এচিডৰ সমস্যাত ভুগিছিল আৰু মাজে সময়ে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাইছিল ডাইজিন।
বুধবাৰে কেকে কলকাতাৰ যিখন পঞ্চতাৰকা হোটেলত আছিল সেই হোটেলত লালবজাৰৰ আৰক্ষী আৰু ফৰেনছিক দল গৈ পৰীক্ষা কৰে।
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি মঙলবাৰে নজৰুল মঞ্চত অনুষ্ঠান শেষ হয় ৮.৪৫ বজাত আৰু ৯.১৫ বজাত হোটেল উপস্থিত হয় কেকে।
হোটেল কৰ্মচাৰীয়ে জনাইছে আৰক্ষীক জনোৱা অনুসৰি হোটেলত সোমোৱাৰ সময়ত অনুৰাগীৰ অনুৰোধমৰ্মে ফটোও তুলিছিল কন্ঠশিল্পীগৰাকীয়ে।