Local, Vocal, Global

Large quantity of ganja seized :সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে এটা গাঞ্জা ব্যৱসায়ী

বৰপেটা,১৫ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে এটা গাঞ্জা ব্যৱসায়ী। ধৃত গাঞ্জা ব্যৱসায়ীটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাৱৈমাৰীৰ ৮ নং ব্লকৰ সুৰেন্দ্ৰ মণ্ডলৰ পুত্ৰ অবিনাশ মণ্ডল বুলি জানিব পৰা গৈছে।ধৃত অবিনাশ মণ্ডলৰ বয়স ৫৭ বছৰ।

শুকুৰবাৰে সন্ধিয়াৰ ভাগত গোপন খবৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত উপ পৰিদৰ্শক ক্ৰমে বিশাল বৰ্মন ,ময়ুৰী শৰ্মা, সহকাৰী উপ পৰিদৰ্শক হেমন্ত ডেকাসহ এটি বৃহৎ আৰক্ষীৰ দলে অবিনাশ মণ্ডলৰ বাসগৃহত গাঞ্জা বিচাৰি অভিযান চলাইছিল(Large quantity of ganja seized)।

অভিযানকালত ২.৮০০ কিঃগ্ৰা গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। ধৃত অবিনাশ মণ্ডলে পাকঘৰত লুকুৱাই ৰাখিছিল গাঞ্জাখিনি। অবিনাশ মণ্ডলৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ সৰ্থেবাৰী থানাত ২০/২০২৫ নম্বৰত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক:Ali Ai Ligang: বুধবাৰ নহয় ফাগুনৰ ১ তাৰিখে আলি আয়ে লৃগাং পালন কৰিলে অৰুণাচলত বসবাস কৰা মিছিং জনগোষ্ঠী সকলে