Local, Vocal, Global

ইটানগৰ-হোলোংগী পথত ভূমিস্খলন

নিউজ ডেস্ক,২১ জুন : মঙলবাৰে পুৱা প্ৰায় ১০.৩০ বজাত Chimphuৰ ওচৰৰ ইটানগৰ-হোলোংগী পথত সংঘটিত হৈছিল ভূমিস্খলন।

Chimphuৰ ওচৰৰ Itanagar-Hollongi পথত হোৱা ভূমিস্খলনৰ ফলত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ এটা মুখ্য সংযোগী পথ বন্ধ হৈ পৰিছে আৰু কেইবা ঘণ্টাধৰি আৱদ্ধ হৈ পৰিছে শ শ বাহন।

কৰ্মচাৰী সকলে যন্ত্ৰপাতি ব্যৱহাৰ কৰি ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ প্ৰশাসনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও, বিষয়াসকলে অনুমান কৰিছে যে পথটো পুনৰ যান-বাহন চলাচলৰ উপযোগী কৰি তুলিবলৈ কমেও এক বা দুই দিনৰ সময় প্ৰয়োজন হব।