Local, Vocal, Global

“বাহিৰে ৰংচং, ভিতৰে কোৱাভাতুৰি” স্বৰূপ অসম চৰকাৰৰ বান সাহায্য

নিউজ ডেস্ক, ২১ জুন : বিগত সপ্তাহ জুৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলস্বৰূশ্ৰুতিত অসমত প্ৰলয়ংকৰী বানে দেখা দিছে। বানপানীৰ ফলত যোগাযোগ, বিদ্যুৎ আৰু পৰিবহন বন্ধ হৈ পৰাত অসংখ্য নাগৰিক তেওঁলোকৰ ঘৰ বা অঞ্চলৰ ভিতৰত আৱদ্ধ হৈ পৰিছে।

ইয়াৰ মাজতে, চৰকাৰে বানপীড়িত অঞ্চলসমূহলৈ সাহায্য সামগ্ৰী বিতৰণ কৰাৰ লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ নাগৰিক সমাজৰ পৰা বৃহৎ আৰু নিয়মীয়া অনুদান লাভ কৰিছে।

কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে আন এক সত্য।

খবৰ অনুসৰি, ৰাজ্যত বান সাহায্য বিতৰণৰ নামত বানপীড়িত অঞ্চলসমূহৰ জনসাধাৰণৰ লাভ কৰিছে কেইগ্ৰাম মচুৰ দাইল, সৰিয়হৰ তেল, দুটা মমবাতি আৰু এটা মহ প্ৰতিৰোধক কুণ্ডলী।

বান সাহায্য বিতৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি বাহু আৰু মহান প্ৰচেষ্টাৰে সহায় আগবঢ়াবলৈ আহ্বান জনোৱাৰ পাছতো বানপীড়িতসকলে লাভ কৰিছে অতি কম পৰিমাণৰ সাহায্য।