সোৱণশিৰি নদীৰ ব্যাপক গৰাখহনীয়া
সোৱণশিৰি নদীৰ ব্যাপক গৰাখহনীয়া। লখিমপুৰ বিধানসভা সমষ্টিৰ ঘূনাসুঁতি গাঁও পঞ্চায়তত সোৱণশিৰি নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা এই খহনীয়াত জাঁহ গ’ল পঞ্চায়তৰ প্ৰায় ৪০টা পৰিয়ালৰ বাসগৃহ। শেহতীয়া বানত জাঁহ গ’ল ১৯৮৮ চনতে স্থাপন হোৱা বৰচাপৰি বালিভেটা উচ্চ মাধ্যমিক বিদ্যালয় । বিভিন্ন সময়ত চৰকাৰ প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ ওচৰত খহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনাই আহিছিল স্থানীয় ৰাইছে। কিন্তু আজি পৰ্যন্ত কোনো ব্যবস্থাৰে গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজৰ ক্ষোভ প্ৰকাশ। ভুক্তভুগী সৰ্বশ্ৰান্ত ৰাইজে বিভাগীয় কতৃপক্ষৰ ওচৰত জনাইছে খহনীয়া প্ৰতিৰোধৰ দাবী। বান-খহনীয়াগ্ৰস্তক স্থায়ী সমাধান কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰ-প্ৰশাসনৰ তৰফৰ পৰা সাহাৰ্যৰ প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।