‘আণ্টি’ বুলি সম্বোধন, মহিলাই প্ৰহাৰ কৰিলে যুৱতীক
বজাৰত সামগ্ৰী ক্ৰয় কৰি আছিল কেইগৰাকীমান মহিলা। স্বাভাৱিক বজাৰৰ ভিৰ পৰিৱেশ। তাৰ মাজতে হঠাৎ কেইগৰাকীমান মহিলাই এগৰাকী যুৱতীক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। এগৰাকী মহিলা আৰক্ষীয়েও সৈমান কৰিব পৰা নাই উগ্ৰমূৰ্তি ধাৰণ কৰা মহিলাকেইগৰাকীক। ভাইৰেল হৈছে সেই ভিডিঅ’। চাওক সেই ভিডিঅ’-
यूपी के एटा में आंटी कहने पर भड़की महिला, करवा चौथ की खरीददारी छोड़ बाल पकड़कर पीटा#UttarPradesh pic.twitter.com/yIr9werUzW
— Hindustan (@Live_Hindustan) November 3, 2020
সোমবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ এখন বজাৰত সংঘটিত এই ঘটনাৰ ভিডিঅ’ দেখা গৈছে নীলা কাপোৰ পৰিহিত যুৱতী এগৰাকীক মহিলাকেইগৰাকীয়ে মাৰপিট কৰিছে। কোনোবাই যদি চুলিত ধৰিছে, তেন্তে আন কোনোৱে মাৰিছে চৰ। মহিলাকেইগৰাকীৰ আক্ৰমণৰ পৰা এগৰাকী আৰক্ষীয়েহে উদ্ধাৰ কৰে যুৱতীগৰাকীক। পিছত জানিব পৰা মতে ১৯ বছৰীয়া যুৱতীগৰাকীয়ে ‘আণ্টি’ বুলি সম্বোধন কৰিছিল বজাৰৰ কোনোবা এগৰাকী মহিলাক। তাতেই খং উঠি মহিলাকেইগৰাকীয়ে মাৰপিট কৰে যুৱতীগৰাকীক।