Local, Vocal, Global

শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় জোৱানসহ শ্ৰমিক

নিউজ ডেস্ক,৪ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ মাইচুমাৰ লালচক অঞ্চলত উগ্ৰপন্থীৰ আক্ৰমণত পুনৰ এজন জোৱান নিহত হয়।

সোমবাৰে উগ্ৰপন্থীয়ে এটা চিআৰপিএফৰ শিবিৰৰ কাষত দুজন চি আৰ পি এফ জোৱানৰ ওপৰত আক্ৰমণ চলায়। এই আক্ৰমণত এজন নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু সন্ত্ৰাসবাদীৰ সন্ধানত সেনা আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

ইপিনে, কাশ্মীৰৰ পুলৱামা জিলাতো সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত গুলিচালনা কৰে। এই গুলিচালনাত দুজন শ্ৰমিকৰ মৃত্যু হয়। মৃত শ্ৰমিক দুজন বিহাৰৰ বুলি জানিব পৰা গৈছে।