Local, Vocal, Global

Kuortane Gameslত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ

নিউজ ডেস্ক,১৯ জুন : শনিবাৰে ফিনলেণ্ডত অনুষ্ঠিত ২০২২ চনৰ কুৰটেন গেমছত স্বৰ্ণ জয় কৰে Tokyo Olympicৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ।

জটিল আৰু তিতা পৰিস্থিতিতো অলিম্পিক চেম্পিয়নজনে ৮৬.৬৯ মিটাৰ দলিয়াই শীৰ্ষ পুৰস্কাৰ লাভ কৰিছে।

চোপ্ৰাই টুৰ্ণামেণ্টত তেওঁৰ প্ৰথম চেষ্টাত স্থানটো মাৰিছিল, তেওঁৰ দ্বিতীয়টো চেষ্টাত foul কৰিছিল, আৰু তেওঁৰ তৃতীয় প্ৰচেষ্টাত nasty slip মাৰিছিল, যাৰ পিছত তেওঁ বাকী দুটা প্ৰচেষ্টা বাদ দিয়াৰ সিদ্ধান্ত লৈছিল।

ইফালে, ত্ৰিনিদাদৰ কেছৰন ৱালকটে ৮৬.৬৪ মিটাৰ throwৰে ৰূপৰ পদক লাভ কৰে আৰু এণ্ডাৰছন পিটাৰ্ছে ৮৪.৭৫ মিটাৰ থ্ৰোৰে ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে, ভাৰতৰ সন্দীপ চৌধুৰী ৬০.৩৫ মিটাৰ throw সৈতে অষ্টম স্থানত আছিল।

এই মাহৰ আৰম্ভণিতে, নীৰজে ফিনলেণ্ডৰ Paavo Nurmi Games ত অংশগ্ৰহণ কৰিছিল আৰু 89.30 মিটাৰ throwএ নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৰূপৰ পদক অৰ্জন কৰিছিল।

উল্লেখযোগ্য য, চোপ্ৰাই পৰৱৰ্তী ৩০ জুনত Diamond Leagueৰ Stockholm legত অংশগ্ৰহণ কৰিব।