Local, Vocal, Global

Adipurush Free for Student : দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক ‘আদিপুৰুষ’ দেখুৱালে কৃতি ছাননে

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ২১ জুন : তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে নিজৰ আলমা মেটাৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আদিপুৰুষক প্ৰদৰ্শন কৰিব কৃতি ছাননে (Adipurush Free for Student)। বুধবাৰে দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক ‘আদিপুৰুষ’দেখুৱাব কৃতি ছাননে । এই সময়ছোৱাত তেওঁৰ পৰিয়ালটোও কৃতিৰ লগত থাকিব। ‘আদিপুৰুষ’ৰ বিৰোধিতা সত্ত্বেও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা কৃতি ছাননৰ মন উচ্চ ।

শেহতীয়াকৈ কৃতি ছাননে ছ’চিয়েল মিডিয়াত ছবিখনে লাভ কৰা ইতিবাচক সঁহাৰিৰ প্ৰতি মনোযোগ দিয়াৰ কথা কোৱাৰ বিপৰীতে এতিয়া তেওঁ অধ্যয়ন কৰা আৰ কেপুৰামৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক ‘আদিপুৰুষ’ প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লয়। ওম ৰাউতৰ ছবি ‘আদিপুৰুষ’ মুক্তিৰ পূৰ্বেও বিতৰ্কৰ মাজত সোমাই পৰিছিল। অৱশ্যে মুক্তিৰ পিছত ছবিখনে বক্স অফিচত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে । আনহাতে ছবিখনে ক’ৰবাত দৰ্শকৰ ধৰ্মীয় আৱেগক আঘাত কৰিছে, যাৰ বাবে দৰ্শক হতাশ হৈ পৰিছে।

খবৰ অনুসৰি আজি দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক ‘আদিপুৰুষ’ দেখুৱাৰ সিদ্ধান্ত লয় কৃতি ছাননে । ইয়াৰ বাবে তেওঁ দিল্লীৰ মাল্টিপ্লেক্সত শ্ব’ বুকিং কৰিছে। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে ৩০০ টা ছিট বুক কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে । কৃতিয়ে বহুদিন ধৰি ‘আদিপুৰুষ’ত ব্যস্ত হৈ আছিল আৰু এতিয়া তেওঁক ‘দ্য ক্ৰু’ত দেখা যাব।

উল্লেখ্য যে চলিত বৰ্ষৰ ২০ ছেপ্টেম্বৰত মুক্তি নাভ কৰিব কৃতিৰ নতুন ছবি ‘দ্য ক্ৰু’। কৰীনা কাপুৰ খান আৰু টাবুকো তেওঁৰ সৈতে ছবিখনত দেখা যাব। ইয়াৰ উপৰিও দৰ্শকে তেওঁৰ ছবি ‘গণপাট’ৰ বাবেও অপেক্ষা কৰি আছে য’ত তেওঁ টাইগাৰ শ্ৰফৰ সৈতে অভিনয় কৰিব।

লগতে পঢ়ক : Ambubachi Mela : শুকুৰবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলা