Local, Vocal, Global

Padmanath Audio Dictionary : মুকলি কৰা হ’ল অসমৰ প্ৰথমখন শ্ৰব্য অভিধান

নিউজ ডেস্ক, ২১ জুন : অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুকলি কৰে ‘পদ্মনাথ শ্ৰব্য অভিধান(Padmanath Audio Dictionary)। মঙলবাৰে গুৱাহাটীৰ বামুনীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় অসমৰ প্ৰথমখন শ্ৰব্য অভিধান (First Assamese Audio Dictionary)। অসম প্ৰকাশন পৰিষদে যোৱা তিনি-চাৰি বছৰ ধৰি একাণপতীয়া প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিওৱা এই অভিধানখনিয়ে অসমীয়া ভাষাক এক মৰ্যাদাপূৰ্ণ স্থানলৈ উন্নীত কৰাত সহায়ক হ’ব (PADMANATH AUDIO DICTIONARY) ।

উল্লেখ্য যে এই অভিধানখনত শব্দ, শব্দৰ অৰ্থৰ লগতে উপ-শব্দ আৰু এই উপ-শব্দৰ অৰ্থসমূহ থকাৰ উপৰি ডিজিটেল মাধ্যমত এই শব্দসমূহৰ ধবনিও উপলব্ধ হ’ব। ইয়াৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত আৰু প্ৰতিটো শব্দৰ ইংৰাজী অৰ্থ থকা এইখনেই হৈছে প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান।

ভাষাৰ বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰত অভিধানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । বৰ্তমানৰ ডিজিটেল যুগত এনে অভিধান ভাষাৰ বিকাশৰ দিশটো অতি গুৰুত্বপূৰ্ণ বিষয়। ডিজিটেল মাধ্যমৰ লগতে শ্ৰব্য ৰূপত এখন অভিধানৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব অসমীয়া ভাষাক ভালপোৱা প্ৰতিগৰাকী ব্যক্তিয়ে উপলব্ধি কৰে (First Assamese Audio Dictionary)।

অসম প্ৰকাশন পৰিষদে অসমীয়া ভাষাৰ প্ৰযুক্তিগত বিকাশৰ বাবে বিভিন্ন দিশত চিন্তা-চৰ্চা কৰি অহাৰ ফলশ্ৰুতিতে এনে এখন অভিধান অসমত পোন প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰিবৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছিল। এই অভিধানখনৰ তাত্ত্বিকদিশৰ লগত ভিন্ন সময় ধৰি জড়িত কেইগৰাকীমান উৎসাহী আৰু অভিজ্ঞ ব্যক্তিৰ সহযোগতেই ‘পদ্মনাথ শ্ৰব্য অভিধান’ ৰাইজৰ হাতত তুলি দিব পৰা হৈছে।

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ নামেৰেই ‘পদ্মনাথ শ্ৰব্য অভিধান’ বুলি নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ২০২০ চনত এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল।

উল্লেখ্য যে এই ডিজিটেল অভিধানখনৰ ভেটি হিচাপে গ্ৰহণ কৰা হৈছিল ডক্টৰ মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাৰ দ্বাৰা সংকলিত আৰু সুমন্ত চলিহাৰ দ্বাৰা সংশোধিত আৰু সম্পাদিত ‘আধুনিক অসমীয়া অভিধান’ৰ একবিংশ সংস্কৰণটো। উক্ত অভিধানখনত মূল আধুনিক অসমীয়া অন্তৰ্ভুক্ত নোহোৱা আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি আৰু ইংৰাজী অৰ্থ সংযোগ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

উল্লেখ্য, আন্তঃৰাষ্ট্ৰীয় ধবনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল ‘পদ্মনাথ শ্ৰব্য অভিধান” প্ৰকল্পত মুখ্য সংযোজক তথা প্ৰকাশক হিচাপে আছে– অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সামগ্ৰিক পৰিকল্পনা, আৰ্হি প্ৰস্তুত কৰোঁতা ডক্টৰ ভাস্কৰজ্যোতি শৰ্মা আৰু ডক্টৰ গুণদীপ চেতিয়া, ধবনি-লিপ্যন্তৰকৰণ, তথ্য পুনৰীক্ষন ডক্টৰ ভাস্কৰজ্যোতি শৰ্মা, চিষ্টেম ডিজাইন আৰু প্ৰগ্ৰেমিং ডক্টৰ গুণদীপ চেতিয়া আৰু অংশুমান বড়া, ইংৰাজী অৰ্থ পুনৰীক্ষন ডক্টৰ মৃদুল বৰদলৈ, কণ্ঠ অৱনী কুমাৰ বৰা আৰু ডক্টৰ গায়ত্ৰী মহন্ত, তথ্য অন্তৰ্ভুক্তি ৰেহেনা আখতাৰা, জুলুশ্ৰী গগৈ আৰু অৰ্ণৱ শৰ্মা, বাণীবন্ধন সহযোগী –দীপক কুমাৰ দত্ত [মুখ্য শব্দ অভিযন্ত্ৰা, জ্যোতি চিত্ৰবন], মনোজ দাস [বাণীবন্ধন বিষয়া, জ্যোতিচিত্ৰবন] আৰু লগ’ ডিজাইন কৰোঁতা–ৰাজু গোহাঁই।

এই অভিধানখনৰ এপটো মোবাইল ফোনৰ প্লে-ষ্ট’ৰলৈ গৈ Padmanath Audio Dictionary টাইপ কৰি চাৰ্চ কৰিলেই পোৱা যাব।আগ্ৰহীসকলে প্লে-ষ্ট’ৰৰ পৰা Padmanath Audio Dictionary এপটো মোবাইল ফোনত সহজেই ইনষ্টল কৰি ল’ব পাৰিব । ইয়াৰ জৰিয়তে সকলোৱে নিজৰ নিজৰ মোবাইল ফোনত এই অভিধানখন বিনামূল্যে পাবলৈ সক্ষম হ’ব।

প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বৰ্ণমালা, আখৰ শিকোৱাৰ বাবেও এই শ্ৰব্য অভিধানখন বিশেষভাৱে উপযোগী হ’ব বুলি ক’ব পৰা যায়।অসমীয়া ভাষা শিকিব খোজা অনা-অসমীয়া আৰু ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীসকলক ‘পদ্মনাথ শ্ৰব্য অভিধান’খনে ভালদৰে উপকৃত কৰিব পাৰিব।

অভিধানখনৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, “অসমীয়া ভাষাৰ শিকন প্রণালীক সহজলভ্য কৰা আৰু অসমীয়া ভাষাক আগুৱাই নিয়া প্ৰয়াসৰ অংশস্বৰূপে অসম প্ৰকাশন পৰিষদে অসমীয়া শ্ৰব্য অভিধান ডিজিটেলী প্ৰস্তুত কৰি আজি বিশ্ববাসীলৈ অৰ্পন কৰিলে । এতিয়া বিশ্বৰ যি প্ৰান্ততেই নাথাকক কিয় এই ডিজিটেল ছফ্টৱেৰ পদ্মনাথ গোহাঞি বৰুৱাৰ নামেৰে নামকৰণ কৰা এপ্পটোৰ জৰিয়তে যিকোনো অসমীয়া ভাষাৰ শব্দ বিচাৰি ল’ব পাৰিব । শব্দৰ উচ্চাৰণ কেনেকৈ হয় সেইটোও শিকিব পাৰিব, তাৰ অৰ্থও জানিব পাৰিব। এই অভিধানখনে বিদেশত থকা অসমীয়া ভাষাৰ ল’ৰা ছোৱালীসকলক অসমীয়া ভাষা শিকাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব। যিসকলে নতুনকৈ অসমীয়া শিকিছে তেওঁলোকক সহায় কৰিব।”

উল্লেখ্য যে অসমীয়া ভাষাক কাৰিকৰী দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত অন্যতম পদক্ষেপ হিচাপে বিবেচিত হ’ব “পদ্মনাথ শ্ৰব্য অভিধান”।

লগতে পঢ়ক : Cyber police stations in Assam : ৰাজ্যত স্থাপন কৰা হ’ব ৪খন চাইবাৰ আৰক্ষী থানা