Watch | Koliabor news: এতিয়াৰে পৰা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে উপলব্ধ হ’ল বিনামূলীয়া ডায়েলাইচিছ সেৱা
কলিয়াবৰ: প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আজি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই শুভ উদ্বোধন কৰে এটা ডায়েলাইচিছ কেন্দ্ৰ।
বৃহত্তৰ কলিয়াবৰৰ ডায়েলাইচিছ ৰোগী সকলৰ এই দীৰ্ঘদিনীয়া সমষ্যা এতিয়াৰে পৰা জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপলব্ধ হোৱাত ৰোগী সকল উপকৃত হ’ব।
দেশৰ ভিতৰতে আগশাৰীৰ চিকিৎসালয় এপল চিকিৎসালয়ৰ সৈতে অসম চৰকাৰে কৰা চুক্তি মতে ৰাজ্যৰ স্বাস্থ্য খণ্ডত ডায়লাইচিছ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বুলি মন্ত্ৰী কেশৱ মহন্তই জানিব দিয়ে। দৈনিক তিনিটা ভাগত মুঠ ১২ গৰাকী ৰোগীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ এই ডায়লেচিছ সেৱা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব বুলি মন্ত্ৰী কেশৱ মহন্তই জানিব দিয়ে।
লগকে পঢ়ক : Watch | Opening six bed health centre at moinating Gelakey : গেলেকীৰ মনাইটিং উপ – স্বাস্থ্য কেন্দ্ৰৰ ৬ খন বিচনাযুক্ত চিকিৎসা ভৱনৰ শুভ উদ্বোধন