Local, Vocal, Global

Watch | Koliabor NEMSU Protest : চৰকাৰৰ বিৰুদ্ধে কলিয়াবৰ নেমছুৰ তীব্ৰ প্ৰতিবাদ

কলিয়াবৰ : আমানৱীয় উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপন দিয়াৰ দাবীত কলিয়াবৰ নেমছুৰ প্ৰতিবাদ। কলিয়াবৰ জিলা নেমছু ৰ উদ্যোগত কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা কলিয়াবৰ জিলা সমিতিয়ে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ।

আমানৱীয় উচ্ছেদ বন্ধ কৰক, বাংলাদেশীৰ নামত মুছলমান সকলক অত্যাচাৰ কৰা বন্ধ কৰক, নেমছু জিন্দাবাদ ধ্বনি দি অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটিয়ে। চৰকাৰে চৰকাৰী ভূমিত উচ্ছেদ কৰক তাত আমাৰ আপত্তি কিন্তু অমানৱীয় ভাৱে উচ্ছেদ কৰা বন্ধ কৰক। প্ৰথমে উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক বুলি অসম চৰকাৰক দাবী জনাইছে ছাত্ৰ সংগঠনটিয়ে। প্ৰতিবাদৰ শেষত কেইবাটাও দাবী উত্থাপন কৰি কলিয়াবৰ সমজিলা আয়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে কলিয়াবৰ জিলা নেমছুৰ কৰ্মকৰ্তা সকলে।

লগতে পঢ়ক: Chapar news: চাপৰৰ ফলিমাৰীত একাংশ দালালৰ চকু এতিয়া দুখীয়া দৰিদ্ৰৰ নামত আৱণ্টিত ধনৰ ওপৰত