কোকৰাঝাৰত UPPL-ৰ মনোনীত প্ৰাৰ্থীৰ পৰলোকপ্ৰাপ্তি

UPPL-ৰ মনোনীত প্ৰাৰ্থীৰ পৰলোকপ্ৰাপ্তি
বিভিন্ন দল – সংগঠনৰ নেতৃবৰ্গৰ শ্ৰদ্ধাঞ্জলি
প্ৰমোদ বড়ো নেতৃত্বধীন UPPL-ৰ ১২ নং চালাকাটি পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী, অবিভক্ত বাসুগাঁও আঞ্চলিক এবছুৰ প্ৰাক্তন সভাপতি, চালাকাটি ব্লক কমিটি পি চি ডি আৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজ সেৱক তথা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালাকাটি সাতবিন্দৌ গাঁৱৰ নিৱাসী হিতেশ কুমাৰ মুছাহাৰীৰ মংগলবাৰৰ নিশা পৰলোকপ্ৰাপ্তি হয়। UPPL-ৰ এগৰাকী প্ৰাৰ্থীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ চালাকাটি অঞ্চলত। কিডনীৰ, মধুমেহ আৰু যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছিল মুছাহাৰী। কিন্তু মংগলবাৰে নিশা ৮ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে মুছাহাৰীয়ে।
UPPL আৰু এবছু নেতৃবৰ্গই হিতেশ মুছাহাৰীৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে মৃত্যুৰ পূৰ্বে মুছাহাৰীয়ে এগৰাকী কন্যা আৰু দুগৰাকী পুত্ৰ সন্তান ইহজগতত এৰি থৈ যায় ।