Local, Vocal, Global

Kokrajhar father son buried in pond : পুখুৰীত পৰি সলিল সমাধি পিতা-পুত্ৰৰ

নিউজ ডেস্ক,২মে’ : এক শোকাৱহ ঘটনা । পুখুৰীত পৰি সলিল সমাধি পিতা-পুত্ৰৰ।

কোকৰাঝাৰৰ চেঁচাপানীত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো। কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত চেঁচাপানী গাঁৱত সংঘটিত হৈছে মৰ্মান্তিক ঘটনাটো। পুখুৰীত পৰি মৃত্যু হোৱা লোকজনৰ নাম ৰাজাৰাম নাৰ্জাৰী আৰু তেওঁৰ পুত্ৰ তথা প্ৰথম শ্ৰেণীত অধ্যয়নৰত খৌৰমজিৎ নাৰ্জাৰী বুলি জানিব পৰা গৈছে( Kokrajhar father son buried in pond) ।

জানিব পৰা মতে, শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো । এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পুখুৰীৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে ।

ৰাইজে সদৰী কৰা মতে, দুপৰীয়াৰ ভাগত পিতা-পুত্ৰ ক্ৰমে, ৰাজাৰাম নাৰ্জাৰী আৰু খৌৰমজিৎ নাৰ্জাৰীয়ে ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিছতে মৰ্মান্তিক ঘটনাটো সংঘটিত হয়। পিতা-পুত্ৰই পুখুৰীত পিছল খাই পৰি মৃত্যু হ’ল নে মাছ মাৰিবলৈ পুখুৰীত নামি মৃত্যুবৰণ কৰিলে সেয়া তদন্তৰ পিছতহে ওলাই পৰিব। ঘটনাটোৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

লগতে পঢ়ক : Minor girl raped by Teacher :টেট শিক্ষকৰ কামনাৰ বলি ৯ বছৰীয়া ছাত্ৰী