Local, Vocal, Global

বলীউডত খোজ দিয়াৰ বাবে যো-জা প্ৰয়াত শ্ৰীদেৱী আৰু বণি কাপুৰৰ কন্যাৰ

প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু বণি কাপুৰৰ জীয়ৰী খুচি কাপুৰে আগন্তুক বছৰবোৰত বলীউডত খোজ দি এগৰাকী সুঅভিনেত্ৰীৰ ৰূপত নিজকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বণি কাপুৰে ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে যে তেওঁৰ জীয়ৰী খুচি বর্তমান ‘লছ এঞ্জেলছ’ত অভিনয়ৰ প্ৰশিক্ষণ লৈ আছে। লগতে চিনেমাৰ পাঠ্যক্ৰম কৰিবলৈ খুচিয়ে স্বদেশলৈ ঘূৰি অহাৰ পিছত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব।

পিতৃ বণি কাপুৰে কন্যা খুচি সন্দর্ভত দিয়া এই খবৰ বলীউডত বেছ চর্চিত হৈ পৰিছে।