Local, Vocal, Global

Khosla Ka Ghosla Actor Parvin Dabas In ICU After Car Accident : দুৰ্ঘটনাত পতিত অভিনেতা পাৰবিন দবাছ

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : দুৰ্ঘটনাত পতিত অভিনেতা পাৰবিন দবাছ। বান্দ্ৰাৰ হলি ফেমিলি হাস্পতালৰ আই চি ইউত ভৰ্তি অভিনেতা পাৰবিন দবাছক।

দুৰ্ঘটনা সন্দৰ্ভত সবিশেষ এতিয়াও পোহৰলৈ অহা নাই(Khosla Ka Ghosla Actor Parvin Dabas In ICU After Car Accident)।

‘মাই নেম ইজ খান’,‘ৰাগিনী এম এম এছ ২’,‘খোছলা কা ঘোছলা’ৰ লগতে কেইবাখনো চিনেমাত অভিনয় কৰিছিল পাৰবিনে।

অভিনেতাগৰাকী প্ৰ’পাঞ্জা লীগৰ সহ-প্ৰতিষ্ঠাপক। শনিবাৰে প্ৰ’পাঞ্জা লীগৰ প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ আগত এক কথা প্ৰকাশ কৰে।

বিবৃতিটোত কোৱা হৈছে যে, ‘শনিবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা এক দুৰ্ঘটনাত প্ৰ’পাঞ্জা লীগৰ সহ-প্ৰতিষ্ঠাপক পাৰবিন দাবাছ আহত হয় । আহত পাৰবিন দাবাছক ততাতৈয়াকৈ হলি ফেমিলি হাস্পতাল বান্দ্ৰাৰ আই চি ইউত ৰখা হয় । বৰ্তমান চিকিৎসা গ্ৰহণ কৰি আছে পাৰবিন দাবাছে”।

লগতে পঢ়ক : Sri Lanka presidential elections : শ্ৰীলংকাত আৰম্ভ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ ;শনিবাৰে পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া