Local, Vocal, Global

Sri Lanka presidential elections : শ্ৰীলংকাত আৰম্ভ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ ;শনিবাৰে পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : শ্ৰীলংকাত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া । শনিবাৰে পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । সন্ধিয়া ৫ বজালৈকে চলিব ভোটদান প্ৰক্ৰিয়া।

ৰাষ্ট্ৰপতি নিৰ্বাচন শনিবাৰে পুৱাৰে পৰা নিৰ্বাচনত প্ৰায় ১৭ নিযুত যোগ্য ভোটদাতাই ১৩,৪০০ তকৈও অধিক ভোটকেন্দ্ৰত ভোটদান কৰিব আগবাঢ়িছে ।ভোটাৰসকলে ৩৮ গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা তেওঁলোকৰ পছন্দৰ ৰাষ্ট্ৰপতিগৰাকী বাছনি কৰিব(Polling begins in Sri Lanka, island nation to elect next president)।

আনহাতে, নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ২ লাখতকৈও অধিক বিষয়া নিয়োজিত কৰা হৈছে । সমগ্ৰ প্ৰক্ৰিয়াক ৬৩,০০০ সুৰক্ষা কৰ্মীয়ে সুৰক্ষা প্ৰদান কৰিব । দেওবাৰৰ ভিতৰত ফলাফলৰ আশা কৰা হৈছে ।

উল্লেখ্য যে, বৰ্তমানৰ ৰাষ্ট্ৰপতি ৭৫ বছৰীয়া ৰণিল বিক্ৰমসিংহেয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । তেওঁ দেশখনক অৰ্থনৈতিক সংকটৰ পৰা উলিয়াই অনাৰ প্ৰচেষ্টাত সফল হৈছিল আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । বহু বিশেষজ্ঞই তেওঁক বিশ্বৰ দ্ৰুততম পুনৰুদ্ধাৰক হিচাপে অভিহিত কৰিছে(Sri Lanka presidential elections)।

তিনিকোণীয়া নিৰ্বাচনী যুঁজখনত বিক্ৰমসিংহেয়ে নেচনেল পিপ’লছ পাৱাৰৰ (National People’s Power, NPP) ৫৬ বছৰীয়া অনুৰা কুমাৰা দিশানায়কে আৰু চামাগি জন বালাৱেগয়া (Samagi Jana Balawegaya, SJB) তথা মুখ্য বিৰোধী নেতা ৫৭ বছৰীয়া চাজিথ প্ৰেমদাসাৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ।

এইবাৰ সংখ্যালঘু তামিল বিষয়টো এই নিৰ্বাচনত তিনিগৰাকী মুখ্য প্ৰতিদ্বন্দ্বীৰ কোনো এজনৰে কাৰ্যসূচীত নাই । ইয়াৰ পৰিৱৰ্তে দেশৰ ক্ষতিগ্ৰস্ত অৰ্থনীতি আৰু ইয়াৰ পুনৰুদ্ধাৰ তিনিওজনৰ মুখ্য প্ৰতিশ্ৰুতি হৈছে । দিশানায়েক আৰু প্ৰেমদাসাই জনসাধাৰণক অধিক অৰ্থনৈতিক সকাহ দিবলৈ আই এম এফ কাৰ্যসূচীৰ সৈতে আগবাঢ়িব বিচাৰিছে ।

লগতে পঢ়ক :India, US hold multiple drills in Rajasthan :ৰাজস্থানত ভাৰত আৰু আমেৰিকাৰ বিশেষ সামৰিক অনুশীলন