Watch | Kharupetia News: খাৰুপেটীয়াৰ ৩ নং গলন্দিত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি

দলগাঁও : ৫০ জনীয়া লোকৰ আক্ৰমণত নিঃশেষ এটা পৰিয়াল । ডেগাৰৰ আক্ৰমণত নিহত এজন, আহত মহিলাসহ ৪ জন। নিহত লোকজনৰ নাম আমিৰ হামজা, আহত আলী আহমেদ, আব্দুল মজিদ, আমিৰণ নেছা আৰু আমিনুল হক। আমিৰণ নেছা আৰু আলী আহমেদৰ অৱস্থা সংকটজনক ।
জানিব পৰা মতে, গাঁও খনৰ মৃত আব্দুল কাদেৰ আৰু আব্দুল মজিদৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছে ভূমিকেন্দ্ৰিক সংঘাত। আদালতত চলি আছিল গোচৰ। বৃহস্পতিবাৰে সন্ধিয়া আমিৰ হামজা কাষৰীয়া এঘৰৰ পৰা নিমন্ত্ৰণ ৰক্ষা কৰি ঘৰমুৱা হোৱা অৱস্থাত পূৰ্ব পৰিকল্পিতভাবে আব্দুল কাদেৰৰ পৰিয়ালসহ প্রায় ৫০ জনীয়া লোকে দা, লাঠী আৰু ডেগাৰেৰে উপৰ্যুপৰি আক্ৰমণ কৰে আমিৰ হামজাক।
চিঞৰ শুনি ঘৰৰ পৰা বাকী লোক ওলাই অহাত তেওঁলোককো আক্ৰমণ কৰে আব্দুল কাদেৰৰ পৰিয়ালে। ৰাইজে উদ্ধাৰ কৰি ততাতিয়াকৈ লোক কেইজনৰ খাৰুপেটীয়াৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আমিৰ হামজাক মৃত ঘোষণা কৰে আৰু আহত সকলক মঙ্গলদৈ আৰু গুৱাহাটীলৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চেপা উত্তেজনাৰ। ঘটনাস্থলীত নিশাৰে উপস্থিত খাৰুপেটীয়া আৰক্ষী।