Khagendranath bhuyan Passed Away: শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাৰ দেহাৱসান

নিউজ ডেস্ক,১৯অক্টোবৰ : শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাৰ দেহাৱসান। শুকুৰবাৰে নিশা প্ৰায় ১০.১০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদ গৰাকীৰ ৷
অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সাহিত্যিক, ৰংপুৰ গৌৰৱ, মেঘমল্লাৰ সাহিত্য সন্মান বঁটা প্ৰাপক খগেন্দ্ৰ নাথ ভূঞাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্ৰ শিৱসাগৰ জিলাত শোকৰ ছাঁ পৰে(Khagendranath bhuyan Passed Away) ৷
বহু তত্ত্বগধুৰ লেখনিৰে সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা খগেন্দ্ৰনাথ ভূঞা জাতীয় চেতনাৰে সমৃদ্ধ ব্যক্তি আছিল ৷ তেওঁ বহু জাতীয় আন্দোলনৰ লগত জড়িত আছিল ৷
লগতে পঢ়ক :BJP’s Jayanta Bora quits party : বিহালীৰ বিজেপি নেতা জয়ন্ত বৰাৰ দল ত্যাগ