Local, Vocal, Global

Benjamin Netanyahus House Attacked: ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণৰ আক্ৰমণ

নিউজ ডেস্ক,১৯অক্টোবৰ : ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণৰ আক্ৰমণ।আৰব সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শনিবাৰে পুৱা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণৰ দ্বাৰা আক্ৰমণ কৰে(Benjamin Netanyahus House Attacked)।

এক কাটাৰিয়ান সংবাদ মাধ্যমৰ খবৰ অনুসৰি, হিজবুল্লাৰ দ্বাৰা কেচেৰিয়া অভিমুখে উৎক্ষেপণ কৰা এটা ড্ৰোণে নেতান্যাহুৰ বাসগৃহত খুন্দা মাৰে । এই ড্ৰোণে কেচেৰিয়াস্থিত এটা অট্টালিকাত আক্ৰমণ কৰা বুলি ইজৰাইলী সামৰিক বাহিনীয়ে নিশ্চিত কৰিছে ।উল্লেখ্য যে ইজৰাইলী সংবাদ মাধ্যমে বৰ্তমানলৈ ঘটনা সন্দৰ্ভত কোনো ফুটেজ প্ৰকাশ কৰা নাই ।

ইয়াৰ পূৰ্বে শনিবাৰে পুৱা ইজৰাইলী সূত্ৰই ইজৰাইলৰ প্ৰশাসনৰ মুৰব্বী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহৰ ওচৰত এটা ড্ৰোণ বিস্ফোৰণ হোৱাৰ খবৰ প্ৰকাশ কৰিছিল । আনহাতে, প্ৰাৰম্ভিক প্ৰতিবেদনসমূহে এইটো ইংগিত দিছিল যে এই ঘটনাটো সংঘটিত হোৱাৰ পিচত কেইবাজনো লোক আহত হৈছে(Drone from Lebanon targets Netanyahu’s residence)।

প্ৰতিবেদন অনুসৰি, ড্ৰোণে নেতান্যাহুৰ বাসগৃহৰ ওচৰৰ এটা অট্টালিকাত খুন্দা মাৰে । অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিতং তথ্য প্ৰকাশ কৰা হোৱা নাই ।

উল্লেখ্য যে এই ঘটনাৰ এদিন পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে হামাছ নেতা য়াহিয়া ছিনৱাৰৰ মৃত্যু নিশ্চিত কৰিছিল । আনহাতে, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিয়ে শনিবাৰে কয় যে গাজাত ইজৰাইলৰ সামৰিক অভিযানত তেওঁলোকৰ নেতা য়াহিয়া ছিনৱাৰৰ মৃত্যু সত্ত্বেও হামাছ এতিয়াও জীয়াই আছে আৰু জীয়াই থাকিব ।

খামেনিয়ে কয় যে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁক হেৰুৱালগা হোৱাৰ ফলত যি লোকচান হৈছে সেয়া ‘‘নিশ্চিতভাৱে বেদনাদায়ক’’ । এই আন্দোলন ছিনৱাৰ শ্বহীদ হোৱাৰ লগে লগে সম্পূৰ্ণ শেষ হৈ নাযায় । তেওঁ এক বিবৃতিত কয় যে পেলেষ্টাইনী ইছলামবাদী আন্দোলন ‘হামাছ জীয়াই আছে আৰু জীয়াই থাকিব’।

লগতে পঢ়ক :Khagendranath bhuyan Passed Away: শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাৰ দেহাৱসান