আজি বিহু সম্ৰাটৰ ওপজা দিন
আজি বিহু সম্ৰাটৰ ওপজা দিন। বহুতো চিৰসেউজ কালজয়ী গীতৰ স্ৰষ্টা খগেন মহন্তৰ আজি ওপজা দিন। ১৯৪২ চনৰ ১৭ আগষ্টত নগাঁৱত জন্মগ্ৰহণ কৰিছিল বিহু সম্ৰাটখ্যাত খগেন মহন্তই। অসমীয়া লোক-সংগীতৰ লগতে বিহুগীত পৰিৱেশনত অনৱদ্য অৱদান আগবঢ়াইছিল।বিশেষকৈ বিহুগীত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেওঁ অপ্ৰতিদ্বন্দ্বী ভুমিকা গ্ৰহণ কৰিছিল। লোকগীতৰ সম্ৰাটগৰাকীয়ে ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমী বঁটা, সংগীতাচাৰ্য বঁটা আদিৰে সন্মানিত হৈছিল। বিহু পৰিৱেশনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক KING of BIHU বা বিহু সম্ৰাট বুলিও কোৱা হয়।