Local, Vocal, Global

মৃত্যুৰ পিছতো ৮গৰাকীকৈ ব্যক্তিৰ শৰীৰত জীয়াই আছে কেলভিন

মৃত্যু এক শিল্প। মৃত্যু অপৰাজেয়।

মৃত্যু হোৱাৰ পিছতো জীয়াই থাকিল ৮গৰাকী ব্যক্তিৰ শৰীৰত।

এয়া এক ৩৯ বছৰীয়া কেৰালাৰ যুৱকৰ জীয়া কাহিনী। কেৰালাৰ ৩৯ বছৰীয়া কেলভিন জয়ে মৃত্যুৰ পিছতো জয় কৰিলে মৃত্যুক। কেলভিনে মৃত্যুৰ পিছত নিজৰৰ শৰীৰ দান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু তেওঁ কদাপিও কল্পনা  কৰা নাছিল যে মাত্ৰ ৩৯ বছৰ বয়সতে তেওঁ এই সুবিধা লাভ কৰিব। ভগৱানে তেওঁক বৰ সোনকালেই নিজৰ কাষলৈ নি আন ৮জন লোকৰ জীৱন দান কৰিলে।

এক দুৰ্ঘটনাত পতিত হোৱাৰ পিছত চিকিত্‍সালয়ত ভৰ্তি কৰাৰ পিছত তেওঁৰ Brain Dead বুলি ঘোষণা কৰে চিকিত্‍সকে। লগে লগে কেলভিনৰ পিতৃ-মাতৃয়ে কেৰালা চৰকাৰৰ ‘মৃথা সঞ্জীৱনী’ আঁচনিৰ অধীনত কেলভিনৰ ইচ্ছা অনুসৰি অংগ দানৰ সিদ্ধান্ত গ্ৰহণ কৰে। শুনিবলৈ আশ্চৰ্য্যকৰ হ’লেও কেলভিনৰ শৰীৰৰ অংগৰে মুঠ ৮গৰাকীকৈ লোকে নতুন জীৱন লাভ কৰিলে। কেলভিনৰ দুয়োখন হাত Amrita Institute of Medical Sciencesৰ এগৰাকী লোকৰ শৰীৰত সংৰোপণ কৰে, যকৃত্‍‍, হৃদযন্ত্ৰ, অন্ত্ৰ, চকু AIMSৰ ৫গৰাকী আন লোকৰ শৰীৰত সংৰোপণ কৰাৰ লগতে লৌৰদাস হাস্পতাল আৰু কোজিকোডি চৰকাৰী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত চিকিত্‍সাধীন আন দুগৰাকীকৈ ৰোগীৰ শৰীৰত সংৰোপণ কৰে দুয়োটা কিডনি।

মৃত্যুৰ পিছতো বৰ্তমানেও ৮গৰাকীৰ ব্যক্তিৰ শৰীৰত জীয়াই আছে কেলভিন। কেৰালাৰ উত্তৰ পাৰাভোৰৰ ভি আৰ জয় আৰু মাৰ্গাৰেট জয়ৰ সন্তান মৃত্যু জয়ী কৰা কেলভিন জয়।