Local, Vocal, Global

কাজিৰঙাৰ বাগৰিৰ জনাঞ্চলত ঢেঁকীয়াপতীয়া বাঘৰ সন্ত্ৰাস

কাজিৰঙাৰ বাগৰিৰ জনাঞ্চলত ঢেঁকীয়াপতীয়া বাঘৰ সন্ত্ৰাস। প্ৰায় এমাহ ধৰি বাগৰি জনাঞ্চলত সন্ত্ৰাস চলাই অহা এটা বাঘে এফালৰ পৰা নিধন কৰি গৈছে গৰু-ছাগলী । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি বাগৰিৰ কাৰ্বি পাহাৰৰ নামনিৰ হাবিত আশ্ৰয় লৈ থকা বাঘটোৱে চলাই অহা সন্ত্ৰাসত নিৰাপত্তাহীনতাত ভুগিছে বাগৰিৰ গ্ৰামাঞ্চলৰ লোকসকল। প্ৰথম অৱস্থাত দিনত হাবিত আশ্ৰয় লৈ নিশা গোহালিত গৰু-ছাগলী নিধন কৰা বাঘটোৱে এতিয়া দিনদুপৰতে চিকাৰ কৰিবলৈ আৰম্ভ কৰিছে পশুধন। গৃহস্থৰ চকুৰ আগতেই থপিয়াই নিছে পোহনীয়া জীৱ-জন্তু । বাঘৰ ভয়ত গৰু-ছাগলী দিনতে গোহালিত বান্ধি ৰাখিবলগিয়া অৱস্থা হৈছে গৃহস্থৰ । শেহতীয়াকৈ বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে বাঘে আৰম্ভ কৰিছে সন্ত্ৰাস। বাঘ ধৰিবলৈ বন বিভাগে পিঞ্জৰা পাতিছে যদিও পিঞ্জৰাত ধৰা দিয়া নাই বাঘটোৱে । যাৰ ফলত বাগৰিৰ ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগিয়া হৈছে।