Kaziranga National Park opens for visitors today : আজিৰে পৰা মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
নিউজ ডেস্ক,১অক্টোবৰ : দেশী-বিদেশী পৰ্যটকৰ বাবে ভাল খবৰ । আজিৰে পৰা মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
বাগৰি বনাঞ্চলৰ দ্বাৰমুখত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ফিটা কাটি মুকলি কৰিলে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ। উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালককে ধৰি বহু গন্যমান্য ব্যক্তি। বাগৰি বনাঞ্চলৰ লগতে মুকলি কৰা হয় কহঁৰা আৰু বুঢ়া পাহাৰ বনাঞ্চলো। জীপ ছাফাৰীৰে আৰম্ভ ২০২৪-২৫ৰ পৰ্যটন বৰ্ষ। দ্বাৰ মুকলিৰ পিছতে জীপ ছাফাৰী কৰে মন্ত্ৰীকেইগৰাকীয়ে(Kaziranga National Park formally opened for tourists)।
এই অনুষ্ঠানতে মুকলি কৰা হ’ল নতুনকৈ নিৰ্মাণ কৰা ইক’শ্বপ। য’ত পৰ্যটকৰ বাবে উপলব্ধ হ’ব টুপি, জেকেট, টী চাৰ্টকে ধৰি পৰ্যটকে ক্ৰয় কৰিব পৰা বিভিন্ন সামগ্ৰী। পৰ্যটকৰ বাবে মেৰামতি কৰা হৈছে কাজিৰঙাৰ অন্তৰভাগৰ পথ। পৰ্যটকে চাব পৰাকৈ সাজু কৰা হৈছে চিতল মাছৰ জলকেলি উপভোগ কৰিব পৰা ডোঙা টাৱাৰ আৰু বিমলি পথ(Kaziranga National Park opens for visitors today)।