Local, Vocal, Global

Orang National Park open formally opened for tourists: পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক,১অক্টোবৰ : আজিৰে পৰা মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ব্যাঘ্ৰ প্ৰকল্প।দৰ্শনাৰ্থীসকলৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প পৰ্যটক। মুকলিৰ পূৰ্বে সুন্দৰকৈ সজাই তোলা হৈছে উদ্যানখন(Orang National Park open formally opened for tourists)।

ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে পৰ্যটক বৃদ্ধি হ’ব বুলি আশা কৰিছে বন বিভাগে। পৰ্যটকৰ সুবিধাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই।

উল্লেখ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আছে ১২৫ টা গঁড়, ২৮ টা বাঘৰ লগতে বিভিন্ন জীৱ জন্তু। পৰ্যটক সকলৰ কাৰণে জীপ ছাফাৰী লগতে আছে হাতী ছাফাৰীৰ সুবিধা আছে উদ্যানখনত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ প্ৰায় ২৮০ বৰ্গ কিলোমিটাৰ হোৱাৰ লগে লগে ঢেকিয়াজুলিৰ পৰাও প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰিব পৰ্যটকসকলে।

লগতে পঢ়ক :Kaziranga National Park opens for visitors today : আজিৰে পৰা মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান