Local, Vocal, Global

কস্তুৰী চুতীয়াৰ কাব্য সংকলন ‘মাটি দেৱতা’ উন্মোচন

গুৱাহাটীঃ ছাত্ৰ ৰাজনীতিৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰা যুৱ কবি কস্তুৰী চুতীয়াৰ কাব্য সংকলন ‘মাটি দেৱতা’ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। এই অনুষ্ঠানত দিগন্ত বিশ্ব শৰ্মা, নীলিম কুমাৰ, বেদব্ৰত বৰা, অনিজ উজ জামান প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ঢোলৰ প্ৰসিদ্ধ ওজা তথা যুৱ কবিগৰাকীৰ পিতৃ মহেন্দ্ৰ চুতীয়া ওজাই তেখেতৰ সংগী পিংকু বৰা আৰু যাদৱ বৰাৰ সহযোগত উন্মোচনী অনুষ্ঠানত ঢোলবাদ্য প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে, ডঃ নগেন শইকীয়াৰ পাতনি তথা ডঃ দিলীপ বৰাৰ মন্তব্য সন্নিবষ্ট ‘মাটি দেৱতা’ কবিৰ প্ৰথমখন কাব্য সংকলন। কস্তুৰী চুতীয়া বৰ্তমান গুৱাহাটী বিশ্ববদ্যালয়ৰ তুলনাত্মক ভাৰতীয় সাহিত্য বিষয়ৰ স্নাতকোত্তৰৰ ছাত্ৰী তথা অসম গণ পৰিষদ দলৰ ৰাজ্যিক মুখপাত্ৰ।