Local, Vocal, Global

উত্তৰ-পূৱৰ নেতাক পানী ঘোলা কৰাৰ দায়িত্ব, বিৰোধীৰ হাতত থকা সংসদীয় সমষ্টিত নজৰ

নিউজ ডেস্ক: উত্তৰ পূবৰ নেতাৰ দ্বাৰা উত্তৰ পূবৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ প্ৰয়াস বিজেপিৰ৷ হিন্দীভাষী তথা হিন্দীবলয়ৰ নেতাৰ পৰিৱৰ্তে উত্তৰ পূবৰ থলুৱা নেতাৰ দ্বাৰা ২০২৪ত শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে বিজেপি৷ ২০২৪ নিৰ্বাচনত উত্তৰ পূবত সেনাপতি হ’ব কিৰেণ ৰিজিজু৷ উত্তৰ-পূৰ্বাঞ্চলত বিৰোধীৰ হাতত থকা আসনসমূহত নজৰ দিছে কিৰেণ ৰিজিজুৰ৷ ২০২৪ৰ নিৰ্বাচনত যিকোনো প্ৰকাৰে বিৰোধীৰ হাতত থকা আসনসমূহ বিজেপিয়ে দখল কৰিব খোজে৷ এই লক্ষ্য লৈ উত্তৰ পূবত ব্যস্ত অৰুণাচলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু৷ ঘনাই ঘনাই কিৰেণ ৰিজিজু আহিছে অসমলৈ৷ কোকৰাঝাৰ, নগাঁও, কলিয়াবৰ লোকসভা সমষ্টিত সময় দিছে কিৰেণ ৰিজিজুৱে৷ বিজেপিৰ এক বিশেষ ৰণনীতি অনুসৰি অসমত কাম আৰম্ভ কৰিছে৷ বিগত দিনকেইটাত উত্তৰ পূবৰ বহু সমষ্টি ভ্ৰমণ কৰিছে কিৰেণ ৰিজিজুৱে৷ আজি অভয়াপুৰী ভ্ৰমণ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। অভয়াপুৰীৰ মুক্তি যুঁজাৰুৰ পৰিয়ালৰ খবৰ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মুক্তি যুঁজাৰুৰ বাসভৱনত পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। মুক্তি যুঁজাৰুৰ বিধৱা পত্নী লগতে মুক্তি যুঁজাৰুৰ পৰিয়ালে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেই কথাত নজৰ ৰায়কিব বুলি কয়৷ মুক্তি যুঁজাৰুৰ পৰিয়ালৰ আৰ্শীবাদ লৈ দেশসেৱাত ব্ৰতী হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। এক কথাত ক’বলৈ অভয়াপুৰীত উপস্থিত হৈ ৰিজিজুৱে কোকৰাঝাৰ আৰু ধুবুৰীত লোকসভা সমষ্টিত প্ৰৱেশ কৰিলে ৰিজিজুৱে৷ এই দুয়ো সমষ্টিও বিজেপিৰ নজৰত আছে৷ কোকৰাঝাৰ আৰু ধুবুৰীত লোকসভা সমষ্টি বিজেপিৰ দখল নথকাৰ বাবেই ২০২৪ৰ নিৰ্বাচত বিদেপিৰ দখললৈ আনিবলৈ কিৰেণ ৰিজিজুৱে তৎপৰতা আৰম্ভ কৰিছে৷