Local, Vocal, Global

তীৰ্থযাত্ৰীসকলৰ বাবে কৰতাৰপুৰ কৰিডৰ পুনৰ মুকলি

ভিছা-মুক্ত ৪.৭ কিলোমিটাৰ দীঘল কৰিডৰ, কৰতাৰপুৰে শিখ তীৰ্থযাত্ৰী সকলৰ বাবে পাকিস্তানৰ গুৰুদ্বাৰা দৰবাৰ চাহিবক ভাৰতীয় সীমান্তত যোগদান কৰে। ই ২০১৯ চনত কাৰ্যক্ষম হৈছিল কিন্তু কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীঘলীয়া সময়ৰ বাবে বন্ধ আছিল। যোৱা সপ্তাহত পাকিস্তানে , কৰতাৰপুৰ ক’ৰিডৰ মুকলি কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছিল৷

শিখ সম্প্রদায়ৰ তীর্থযাত্রীসকলৰ প্রতি সন্মান প্রদর্শনেৰে কেন্দ্রীয় চৰকাৰে বুধবাৰৰ পৰা পঞ্জাব সীমান্তৰ কার্টাৰপুৰ চাহিব ক’ৰিডৰ মুকলিৰ সিদ্ধান্ত লৈছে ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে  টুইটাৰত শিখ তীর্থযাত্রীসকলৰ বাবে এই সু–খবৰ ঘোষণা কৰে ৷ এই সিদ্ধান্তই গুৰু নানক দেৱ আৰু শিখ সম্প্রদায়ৰ প্রতি মোদী চৰকাৰৰ আন্তৰিকতা আৰু সন্মানক প্রতিফলিত কৰে বুলি শ্বাহে উল্লেখ কৰিছে ৷ তেওঁ পুনৰ কয় যে মোদী চৰকাৰৰ এই সিদ্ধান্তই শিখ তীর্থযাত্রীসকলক যথেষ্ট উপকৃত কৰিব৷ উল্লেখ্য যে অহা ১৯ নৱেম্বৰত উদ্যাপিত হ’বলগীয়া গুৰু নানক দেৱৰ জন্মবার্ষিকীত প্রকাশ উৎসৱ হিচাপে শিখ সম্প্রদায়ে পালন কৰিবলৈ প্রস্তুতি চলোৱাৰ সময়তে মোদী চৰকাৰে ঘোষণা কৰা এই সিন্ধান্তই দেশবাসীৰ মাজত শান্তি–সম্প্রীতি বৃদ্ধি কৰিব বুলি গৃহমন্ত্রী অমিত শ্বাহে আশা প্রকাশ কৰিছে ৷