Local, Vocal, Global

Karnataka accident : শোকাৱহ দুৰ্ঘটনাত নিহত এটা পৰিয়ালৰে ৫গৰাকী সদস্য

নেশ্যনেল ডেস্ক, ৬জুন : এক মৰ্মান্তিক দুৰ্ঘটনা(In a tragic incident)। ওড়িশাৰ ৰে’ল দুৰ্ঘটনাই মাৰ নৌ যাওঁতে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা । কৰ্ণাটকত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।এখন বিলাসীবাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ (Karnataka tragic accident)।মঙলবাৰে মাজনিশা প্ৰায় ২ বজাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

উল্লেখ্য যে, এই শোকাৱহ দুৰ্ঘটনাটোত শিশুসহ ৫গৰাকী লোক নিহত (5 death in Karnataka accident) হোৱাৰ উপৰিও আহত হয় ১৩ গৰাকীকৈ লোক(13 injuried in road accident)। এই ভয়ংকৰ দুৰ্ঘটনাক লৈ ৰাজ্যজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ লোকলকল অন্ধ্ৰ প্ৰদেশৰ নন্দিয়ালা জিলাৰ ভেলাগোডু গাঁৱৰ বাসিন্দা । কালাবুৰুগীত চলি থকা দৰগাহ উৰুছ মেলালৈ যাত্ৰা কৰি আছিল তেওঁলোকে । এনে সময়তে বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ট্ৰাকখনত খুন্দা মাৰে। ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

জানিব পৰা মতে, বিলাসী বাহনখনত ১৮ গৰাকী লোক আছিল।এইলোসকলৰ ভিতৰত ৫গৰাকীৰ মৃত্যু হয় ।মৃত্যু হোৱা লোকৰ ভিতৰত দুটি শিশু আছিল। জানিব পৰা মতে, নিহত হোৱা ৫ গৰাকী লোক এটা পৰিয়ালৰেৰ আছিল (5 death in Karnataka accident)।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে দুৰ্ঘটনাগ্ৰস্ত বাহনখন প্ৰত্যক্ষ কৰি বাহন খনৰ পৰা উদ্ধাৰ কৰে যাত্ৰীসকলক। পিছত ঘটনাৰৰ খবৰ আৰক্ষীক দিয়ে।আৰক্ষীয়ে ঘটনাস্থলীয় উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।তথ্য অনুসৰি,আহতসকলক ৰাইচুৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হয় ।

এই শোকাৱহ দুৰ্ঘটনাটোত আহতসকল ক্ৰমে আইশা, আনাছ, সুহানা, ৰমিজা, মাচি উল্লাহ, সীমা, ৰিয়াজ উনবি, মুজজু, নাছিমা, মাচুম বাছা, মুজাকিৰ, হানিফা আৰু ছোহেল বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত চৈদাপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ। আৰক্ষী সূত্ৰৰ জানিব দিয়া অনুসৰি , ট্ৰাকৰ চালকজনৰ টোপনি আহিছিল আৰু তেওঁ বাহনখন ৰাস্তাৰ কাষত থৈ আঁতৰি গৈছিল ।এনে সময়তে আনখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষতে থকা ট্ৰাকখনত খুন্দা মাৰে ।আৰক্ষীয়ে সন্দেহ কৰা মতে দুৰ্ঘটনাটোৰ বাবে যাত্ৰীবাহী বাহনখনৰ চালকৰ দোষ আছিল ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ পাচতহে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ।

লগতে পঢ়ক : Modi will once again become PM: পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা