Local, Vocal, Global

কাৰ্বি আংলঙৰ উন্নয়নৰ ফোপোলা স্বৰূপ

কাৰ্বি আংলঙৰ উন্নয়নৰ ফোপোলা স্বৰূপ ৷ দুৰ্গম বাট-পথ, দলং আৰু যাতায়তৰ শোচণীয়তাৰ বাবেই ঠেলাৰ ওপৰতে প্ৰাণ গ’ল এগৰাকী লোকৰ ৷ ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ দুৰ্গম অঞ্চল তথা কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ৪ নং চ’ছেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গতস্থিত ৰুমফুঙত ৷ জিলাখনৰ সদৰ হামৰেণৰ পৰা ৪০ কিঃমিটাৰ নিলগৰ অতিকৈ দুৰ্গম অঞ্চল ৰুমফুঙৰ পৰা হামৰেণ চিকিৎসালয়লৈ আনি থকা অৱস্থাত ৰুমফুং নদী পাৰ কৰা মাত্ৰকে মৃত্যুৰ সৈতে হাৰ  মানিলে ৪৫ বছৰীয়া থমাচ ক্ৰ’ নামৰ ব্যক্তি গৰাকীয়ে ৷ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ চৰকাৰ খনে  উন্নয়ণৰ ঢাক-ঢোল বজাই আছিল যদিও অৱশেষত  প্ৰকৃত উন্নয়ণৰ ফপোলা স্বৰূপটো এই ঘটনাৰ পিছত পোহৰলৈ আহে ৷ জিলাখনৰ নগৰ আৰু চহৰত উন্নয়ন হ’লে নহ’ব বুলি ক্ষোভ উজাৰি কাৰ্বি আংলং স্বাযত্ব পৰিষদ আৰু ৰাজ্য চৰকাৰক অতি শীঘ্ৰে গাঁও সমূহতো বাট-পথ, স্বাস্থ্য কেন্দ্ৰ,খোৱা পানী আৰু দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ৷