Local, Vocal, Global

‘এনেকৈ নচলিব’ নাৰাজ শাৰদ পাৱাৰ

মহাৰাষ্ট্ৰ চৰকাৰে পদ্মশ্ৰী তথা তিনিবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেত্ৰী কংগনা ৰানাউটৰ কাৰ্যালয়ত বুধবাৰে উচ্ছেদ অভিযান চলোৱাৰ পিছত চৰকাৰখনৰ অংশীদাৰ দলৰ মাজতেই এতিয়া মতানৈক্যৰ সৃষ্টি হৈছে। এই মতানৈক্যই এই মুহূৰ্তত এনে পৰ্যায় পাইছেগৈ যে স্বয়ং চৰকাৰখনেই এতিয়া বিপদত পৰাৰ সম্ভাবনা স্পষ্ট হৈ পৰিছে। চৰকাৰখনৰ অন্যতম অংশীদাৰ দল এন চি পিৰ মূৰব্বী শাৰদ পাৱাৰে উদ্ধৱ চৰকাৰৰ এই কাৰ্যত ইতিমধ্যেই অসন্তুষ্টি ব্যক্ত কৰিছে। ইফালে আজি খবৰ আহিছে যে কংগনাই তেওঁৰ এই সম্পত্তি শাৰদ পাৱাৰৰ এজন সহযোগী এন চি পি নেতাৰ পৰা ক্ৰয় কৰিছিল। এনে ক্ষেত্ৰত প্ৰশ্ন উঠিছে যে যদি কংগনাৰ এই সম্পত্তি অবৈধভাৱে নিৰ্মাণ হৈছিল তেনেহ’লে ইমানদিনে এন চি পিৰ নেতাগৰাকীৰ উক্ত একেটা সম্পত্তি কেনেদৰে মুম্বাইৰ মাজমজিয়াত জিলিকি আছিল। একেদৰে খবৰ আহিছে যে বুধবাৰে উচ্ছেদ অভিযানত নিয়োজিত বহু কৰ্মচাৰী প্ৰকৃততে শিৱসেনাৰ কৰ্মীহে আছিল। আনহাতে, মুম্বাই উচ্চ ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰলৈকে মুম্বাইত কোনো উচ্ছেদ অভিযান চলাব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰাৰ পিছতো উদ্ধৱ থাকৰেৰ চৰকাৰে বুধবাৰে কংগনাৰ কাৰ্যালয় ভাঙি পেলাইছিল। কেৱল সেয়াই নহয়,মুম্বাইৰ বাহিৰত থকা কংগনাক জাননীৰ উত্তৰ দিবলৈ সময় দিছিল মাত্ৰ ২৪ ঘণ্টা। অথচ আজি ফেছন ডিজাইনাৰ মনীষ মালহোট্ৰাক একে এক জাননীৰ উত্তৰ দিবলৈ সময় দিছে ৭ দিন।

ইফালে মুম্বাই উচ্চ ন্যায়ালয়ে কালিৰ এই কাৰ্যক প্ৰতিশোধমূলক বুলি অভিহিত কৰিছে। এই সকলোবোৰ কথালৈ চাই এতিয়া নাৰাজ হৈছে শাৰদ পাৱাৰ । কিছু সময় পূৰ্বে মুম্বাইৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰিবলৈ গৈছে শাৰদ পাৱাৰ। প্ৰকৃততে মুম্বাই আৰক্ষী কাৰ আঙুলিৰ নিৰ্দেশত চলি মহাৰাষ্ট্ৰৰ গৰিমা নষ্ট কৰিছে সেই সন্দৰ্ভতো সম্ভৱতঃ প্ৰশ্ন তুলিব শাৰদ পাৱাৰে। সুত্ৰৰ তথ্য মতে, আজিৰ নিশালৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এক বৃহৎ খবৰ হয়তো আহিব পাৰে। কেৱল চৰকাৰৰ অংশীদাৰ দলেই নহয়, শিৱসেনাৰো বহু সমৰ্থক এতিয়া দলটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰো খবৰ আহিছে । সুত্ৰৰ খবৰ অনুসৰি শাৰদ পাৱাৰে ইতিমধ্যেই উদ্ধৱ সমৰ্থক বাহিনীক কৈ দিছে : “এনেকৈ নচলিব।”