Local, Vocal, Global

কৃষক বিদ্ৰোহ সন্দর্ভত পুনৰ বিতর্কিত মন্তব্য কংগনাৰ

কংগনা ৰানাৱট এতিয়া বলীউডৰ চর্চিত নাম। নেপ’টিজমৰ পৰা ৰাজনীতিলৈকে সকলোতে বিভিন্ন মন্তব্য প্ৰদান কৰি চর্চাত থাকে অভিনেত্ৰীগৰাকী। দিল্লীৰ সীমান্তত চলি থকা কৃষক বিদ্ৰোহৰ সন্দর্ভত ইতিমধ্যে বহুকেইটা বিতর্কিত  মন্তব্য প্ৰদান কৰি কৰি চর্চালৈ আহিছিল অভিনেত্ৰীগৰাকী। বিগত ২৬ জানুৱাৰীত লালকিল্লাত কৃষক বিদ্ৰোহৰ হিংসাত্মক  ৰূপত ক্ষোভিত হৈ অভিনেত্ৰীগৰাকী টুইটাৰত পুনৰ সক্ৰিয় হৈ পৰা দেখা গৈছে। কংগনাই এটা টুইটত কেইখনমান বিশেষ ফটো সংযোজন কৰি ৰিটুইট কৰি কয় যে-”মই এই কথাবোৰক অৱহেলা কৰিবলৈ বহু  চেষ্টা কৰিলোঁ, কিন্তু মই নোৱাৰিলো। মই এই ঘটনাটোৰ এটা বৰ সৰু অংশ, কিন্তু এইক্ষেত্ৰত মোৰ অসফলতাখিনি বহুত ডাঙৰ। মোৰ এইবোৰ দেখি মই আজি মূৰ তল কৰিব লগাত  পৰিছো। মই মোৰ দেশৰ একতা ৰক্ষা কৰিব নোৱাৰিলো। মই একোৱে নহয়, কিন্তু মই সকলো আৰু আজি মই অসফল।” উল্লেখযোগ্য যে ইয়াৰ পূর্বে কৃষক বিদ্ৰোহৰ বিৰোধিতা কৰি কংগনা ৰানাৱটে কৰ টুইটৰ বাবে অভিনেতা দিলজিত দোমোজা আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ সৈতেও মতানৈক্য হৈছিল। আনহাতে কৃষক বিদ্ৰোহক সন্ত্ৰাসবাদীৰ বিদ্ৰোহ আৰু কৃষকক সন্ত্ৰাসবাদী আখ্যা দি ৬টা ব্ৰেণ্ডৰ এম্বেছাদৰৰ কন্ট্ৰেক্ট বাতিল কৰিছিল ব্ৰেণ্ডসমূহে।