কামপুৰত এক কৰুণ দৃশ্য

বান বিধ্বস্ত কামপুৰত এক কৰুণ দৃশ্য। বান বিভীষিকাৰ বাবে মথাউৰিৰ ওপৰতে পাতিব লগা হৈছে মৃতকৰ আদ্যশ্ৰাদ্ধ। যেনিয়ে চায় তেনিয়ে কেৱল পানী আৰু পানী। কপিলী আৰু বৰাপানী নৈৰ কৱলত কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত ৩০ খনৰো অধিক গাঁও জলমগ্ন। কপিলীৰ বাঢ়নী পানীয়ে একপ্ৰকাৰ জলমগ্ন কৰি তুলিছে কামপুৰৰ ইখনৰ পাছত সিখন ৰাজহ গাওঁ।
পশুধনৰ লগত একেলগে সহৱস্থান কৰিব লগা হৈছে নৈপৰীয়া বান বিধ্বস্ত ৰাইজে, নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। এইসকল বান বিধ্বস্ত ৰাইজে আজি পৰ্যন্ত চৰকাৰ, প্ৰশাসন তথা জনপ্ৰতিনিধিৰ পৰা লাভ কৰা নাই কোনো বান সাহাৰ্য্য। যাৰ বাবে এতিয়া বানপীড়িত ৰাইজ চৰকাৰ, প্ৰশাসন তথা জনপ্ৰতিনিধিৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে।