Local, Vocal, Global

কেতিয়া খোল খাব শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ ?

মাৰ্চ মাহৰ পৰাই কৰ’না মহামাৰী বাবে বন্ধ হৈ আছে শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ। দেশৰ ভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ সমূহ সীমিত ভক্তৰ বাবে বৰ্তমান খোল খাইছে যদিও বৰ্তমানেও খোল খোৱা নাই শক্তিপীঠ কামাখ্যাৰ মূল প্ৰৱেশ দুৱাৰ। সোমবাৰে মন্দিৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে যদিও কৰ’নাৰ ভয়াৱহতাৰ বাবে মন্দিৰ পৰিচলনা সমিতিয়ে এই সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হ’ল।

কিন্তু শেহতীয়াকৈ মন্দিৰ কৰ্তৃপক্ষই মন্দিৰ খোলাৰ সম্পৰ্কত নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত সপ্তাহত জিলা প্ৰশাসনৰ সৈতে হ’বলগীয়া আলোচনাৰ অন্তত মুল সিদ্ধান্ত উপনীত হ’ব মন্দিৰ পৰিচলনা কৰ্তৃপক্ষ।

সকলো ঠিকে-ঠাকে থাকিলে অক্টোবৰ মাহৰ প্ৰথমভাগত ভক্তৰ বাবে খোল খাব শক্তিপীঠ কামাখ্যাৰ মুল দুৱাৰ। অৱেশ্য মন্দিৰ খুলিলেও ক’ভিডৰ সকলো নীতি-নিয়ম পালন কৰিব লাগিব দৰ্শনাৰ্থীয়ে। এবাৰত ৩০গৰাকী ভক্ত প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰিব পৰিচালনা সমিতিয়ে। অৱশ্যে অক্টোবৰত মন্দিৰৰ দুৱাৰ খোল খালেও সীমিত ভক্তৰে পূৰ্বৰ নীতি–নিয়ম অনুসৰি অনুষ্ঠিত হ’ব দুৰ্গাপূজা।