Local, Vocal, Global

অৰুণোদয় আচঁনিক কেন্দ্ৰ কৰি আৰম্ভ লুন্ঠন

কলিয়াবৰৰ ৰহধলা গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আচঁনিৰ বাবে ধন সংগ্ৰহ কৰাৰ কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ৰহঢলা গাঁও পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ পঞ্চায়তৰ সদস্য চম্পাৰাণী দাসে ধন সংগ্ৰহ কৰাক লৈ উত্তেজিত জনতাই ঘেৰাও কৰিলে সদস্যা গৰাকীৰ বাসগৃহ। প্ৰায় দুই শতাধিক জনতাই চম্পাৰাণী দাস মু্ৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে পৰিস্তিতি।

উল্লেখ্য যে প্ৰথমে ৰাইজে পঞ্চায়তত গৈছিল যদিও পঞ্চায়তত কোনো প্ৰতিনিধি লগ নাপায় অৱশেষত পঞ্চায়তৰ সদস্যা গৰাকীক বাসগৃহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে। কিন্তু ৰাইজৰ ৰুদ্ৰমুৰ্ত্তি দেখি পঞ্চায়ত সদস্যাগৰাকীয়ে ৰাইজৰ ৰোষত পৰাৰ পলায়ন কৰে।