Local, Vocal, Global

কৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ সময়তে কলিয়াবৰত এক ভয়ংকৰ দৃশ্য

কৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ সময়তে কলিয়াবৰত দেখা পোৱা গ’ল এক ভয়ংকৰ দৃশ্য । কলিয়াবৰৰ কুঠৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত নজানত সামাজিক দূৰত্ব নামানি, মাক্স পৰিধান নকৰাকৈয়ে বানাক্ৰান্তৰ বাবে অহা চৰকাৰী ৰেচন ল’বলৈ হেতাওপৰা লাগিল একাংশ জনসাধাৰণৰ। জনসাধাৰণতো দূৰৰে কথা খুদ চৰকাৰী বিষয়ববীয়াৰো মাক্স থাকিলগৈ থুঁতৰিত। উল্লেখ্য় যে পঞ্চায়ত সভাপতিজনৰ ঘৰৰ পৰা মাত্ৰ দুশ মিটাৰ দুৰত্বত এই সাহায্য় বিতৰণ হৈছিল যদিও প্ৰতিনিধিজনে এই ক্ষেত্ৰত কোনোধৰণৰ সহযোগিতা কৰা পৰিলক্ষিত নহ’ল।