কলিয়াবৰৰ ৰাজপথত আৰক্ষী আৰু ট্ৰাকচালকৰ মাজত খণ্ডযুদ্ধ
কলিয়াবৰৰ ৰাজপথত দুইপক্ষৰ মাজত হতাহতি। আৰক্ষী, পৰিবহণ বিষয়া আৰু ট্ৰাকচালকৰ মাজত হতাহতি। পথৰ মাজতে গাড়ী ৰখাই ট্ৰাকচালকৰ প্ৰতিবাদ। নগাঁও জিলা পৰিবহণ বিভাগে তালাচী চলাই অতিৰিক্ত বোজাই কঢ়িওৱাৰ অভিযোগত কলিয়াবৰৰ জখলাবন্ধা থানাৰ অন্তৰ্গত আমগুৰিত ৰখাই থৈছিল ৪খন ট্ৰাক। পিছত চালকৰ দাবীত ওজন কৰিবৰ বাবে মিছাত থকা ৱে’ব্ৰীজলৈ লৈ আনে AS01 MC 2465 নম্বৰৰ ট্ৰাকখন। তেনে সময়তে ট্ৰাকচালক আৰু পৰিবহণ পৰিদৰ্শকৰ মাজত সৃষ্টি হয় সংঘাতৰ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে ট্ৰাক ৰখাই পৰিবহণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ট্ৰাকচালকে। ঘটনাস্থলীত মিছাৰ আৰক্ষী উপস্থিত হোৱাৰ পিছত পুনৰ সংঘটিত হয় আৰক্ষী আৰু ট্ৰাকচালকৰ হতাহতি। ট্ৰাক চালকসকলে আৰক্ষীয়ে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে পৰিবহণ বিভাগৰ লোকক ট্ৰাকচালকে আক্ৰমণ কৰাৰ প্ৰতি অভিযোগ কৰে মিছাৰ আৰক্ষীয়ে। ইফালে পৰিবহণ বিভাগক প্ৰতিমাহে বৃহৎ পৰিমাণৰ ধন আদায় দিয়াৰ পিছতো ৰাজপথত ট্ৰাক ৰখাই হাৰাশাস্তি কৰাৰ অভিযোগ তোলে ট্ৰাকচালকে। এই ঘটনাৰ ফলত বহু সময় ধৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় যানজঁটৰ।