Local, Vocal, Global

ৰাজ্যত অব্য়াহত ড্ৰাগছৰ ৰমৰমীয়া বেহা………

লকডাউনৰ মাজতে ৰাজ্যত অব্য়াহত ড্ৰাগছৰ ৰমৰমীয়া বেহা। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল অত্য়ধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্য়। গোলাঘাট নগৰতো তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী । গোলাঘাট আৰক্ষীৰ এটা দলে নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলাসহ ১০ জন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত চলা এই অভিযানত এটাৰ পাছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষী । গোলাঘাট নগৰৰ কলেজ তিনি আলি আৰু শান্তিপুৰত এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীৰ অভিযানত  প্ৰথমে দুজন ড্ৰাগছ আসক্তক কৰায়ত্ত কৰাৰ পাছতে কেইবাটাও ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰে আৰক্ষীৰ অভিযানকাৰী দলটোৱে ।আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে ক্ৰমে ধাই ছেত্ৰী, ইলিয়াছ  আলী,দ্বীপজ্যোতি দাস ,চাহিদুৰ আলী, ৰক্তীম হাতীবৰুৱা ,অকনী দাস ,পাপু আলী আৰু মৰ্জিনা বেগম।

কলিয়াবৰতো পুনৰ আটক দুজন ড্ৰাগছ ব্যৱসায়ী। আটক লখিমপুৰৰ মোৱাৰক আলি আৰু নগাওঁ জুৰীয়াৰ জালালউদ্দিন।উল্লেখ্য যে কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত উলুৱনী থানাৰ আৰক্ষীয়ে অনুসন্ধান চলাই ধৃত ব্যক্তি দুজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত ব্যক্তি দুজনৰ পৰা এখন নাম্বাৰ প্লেটবিহীন চুইফট আৰু এখন AS 07 Q 4426 নম্বৰৰ ইক’ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেও যোৱা ৯ আগষ্টত বাৰ লক্ষাধিক টকাৰ ড্ৰাগছ সহ দুজন ব্যক্তিক আটক কৰিছিল আৰক্ষী অধীক্ষক মৃণ্ময় দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে।