Local, Vocal, Global

সস্তীয়া ৰাজনীতিত ব্যস্ত চৰকাৰ

হাবি-জংঘলে আৱৰা চৌহদত পৰি ৰৈছে সৌৰচালিত লাইটৰ খুঁটা, পৰিত্যক্ত বাহন৷ বিধ্বস্ত ভৱেন্দ্ৰ নাথ শইকীয়া শিশু উদ্যান৷ মিঞা মিউজিমায়মক লৈ চলি থকা শাসক-বিৰোধীৰ মাজত তীব্ৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ সময়তে অসম আন্দোলনৰ ফচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেখা গৈছে এখন দুখলগা ছবি৷ অসম আন্দোলনৰ শত-সহস্ৰ শ্বহীদ নিৰ্যাতিতৰ ত্যাগৰ বিনিময়ত গঢ়ি উঠা জাতীয় এই অনুষ্ঠানৰ এবিধৰ পিছত আনবিধ সমল এতিয়া ভাগি-ছিগি পৰিত্যক্ত অৱস্থাত৷ বিপৰীতে মিঞা মিউজিয়ামক লৈ এই অনুষ্ঠানটো তীব্ৰ বিতৰ্কত সোমাই পৰিছে৷ চৰকাৰখনে মিঞা মিউজিয়াম, লুঙী ৰাজনীতিত ব্যস্ত থকাৰ সময়তে খাদ্যৰ অভাৱত দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰিছে কলাক্ষেত্ৰৰ পুখুৰীৰ মাছ৷ সৌৰচালিত লাইট ফুলদানিত পৰিণত হৈছে৷ সৌৰশক্তি প্ৰকল্পৰ পৰিত্যক্ত যান-বাহনত ধৰিছে মামৰ৷ ইতিমধ্যে নিশ্চিহ্ন হৈছে ৰেচন শিল্প, গৰু গাড়ী, শিশু-কিশোৰে ওমলা নানান পুতলা-খেলনা৷ ধ্বংসৰ গৰাহৰ পৰা এইসমূহ সম্পদ ৰক্ষা কৰিবলৈ চৰকাৰ দূৰৈৰ কথা কলাক্ষেত্ৰৰ কৰ্মচাৰীসকলেও নাপালে সময়৷ শেহতীয়া কদৰ্য ৰূপ এবাৰলৈ হ’লেও চৰকাৰ কিম্বা প্ৰশাসনে চাবলৈ যাবনে? ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত৷