বন বিভাগৰ ব্যৰ্থতাৰ বাবে শেষ নিশ্বাস ত্যাগ ‘ৰংমন’ৰ

আকৌ কাজিৰঙাৰ বিননি। বিনা চিকিৎসাই মৃত্যু এশিঙীয়া গঁড়ৰ। বিগত কেইবাদিন ধৰি কলিয়াবৰৰ দেওপানীত আশ্ৰয় লৈ থকা কাজিৰঙা ৰ গঁড়টো হঠাৎ নোহোৱা হৈছিল। বনৰক্ষীয়ে পহৰা দি থকা অৱস্থাতে নোহোৱা হল গঁড়টো ।
নিয়তিৰ ওচৰত হাৰ মানিলে অসম গৌৰৱে। পুনৰবাৰ নিজৰ ব্যৰ্থতাৰ স্বৰূপ উদঙালে ৰাজ্যৰ বন বিভাগে। দেওপানীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিশাৰ আন্ধাৰত আঁতৰাই লৈ গৈছিল গঁড়টো। অনিদ্ৰা আৰু ভোকত ক্ৰমে দুৰ্বল হৈ পৰা গঁড়টোৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছিল। প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত তিলতিলকৈ মৃত্যুক সাৱতিলে গঁড়টোৱে। বিভিন্ন নীতি-নিয়মৰ অজুহাত লৈ বনবিভাগে উদ্ধাৰ কৰা নাছিল গঁড়টোক। ৰাইজৰ সন্মুখতে গঁড়টোৰ মৃত্যু ঘটিলে ৰাজহুৱা ৰোষত পৰাৰ ভয়ত বনবিভাগে নিজৰ চৰিত্ৰ উদঙাই নামিল দুষ্কাৰ্যত। অসম গৌৰৱ এশিঙীয়া গঁড়ক ৰছীৰে বান্ধি মটৰ লাঞ্চাৰেৰে টানি লৈ গ’ল আশ্ৰয় লৈ থকা স্থানৰ পৰা । বন বিভাগে এটি দুৰ্বল-অসুস্থ বন্যপ্ৰাণীক বানপানীৰ মাজেৰে টানি লৈ যোৱা ঘটনাত চকু কপালত উঠিছে সচেতন মহলৰ৷ যাৰ ফলত চিকিৎসাৰ অভাৱতেই শেষ নিশ্বাস ত্যাগ কৰিলে ৰংমনে। বনবিভাগৰ এনে নিৰ্লজ্জ কাণ্ডক ধিক্কাৰ দিছে সকলোৱে।