Local, Vocal, Global

Junmoni Rabha Death case : সাতমহীয়া তদন্ত সামৰি দিল্লীলৈ উভতিল চি বি আইৰ দল

নিউজ ডেস্ক, ৮ফেব্ৰুৱাৰী : সাতমহীয়া তদন্ত সামৰি দিল্লীলৈ উভতিল চি বি আইৰ দল ।

উল্লেখ্য যে, বুধবাৰে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰে CBIয়ে। অন্ত পৰে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত CBIৰ তদন্ত ।বুধবাৰে নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰে তদন্তকাৰী সংস্থাটোৱে ।সাতমহীয়া তদন্তৰ অন্তত অৱশেষত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চার্জশ্বিট দাখিল কৰিবলৈ সক্ষম হয় চি বি আইৰ দলে ।

সাত মাহ পূৰ্বেই দিল্লীৰ পৰা চি বি আই ৰ দল আহি এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছিল আৰু অৱশেষত বুধবাৰে জোনমণি ৰাভাৰ মৃত্যুৰ চার্জশ্বিট দাখিল কৰি দিল্লীলৈ উভতি গ’ল চি বি আইৰ দল(Junmoni Rabha Death case) ।

ইফালে বুধবাৰে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । অসমৰ ৰাইজে বিচৰা ধৰণে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত খৰতকীয়া নোহোৱাৰ অভিযোগ উত্থাপন কৰে আছুৰ সভাপতি উৎপল শৰ্মাই ।

লগতে পঢ়ক : Junmoni Rabha Death case : জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ অভিযোগনামা দাখিল