Local, Vocal, Global

আৱাহন থিয়েটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে থিয় দিলে যোৰহাটবাসী

নিউজ ডেস্ক,১৩ অক্টোবৰ : আৱাহন থিয়েটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে থিয় দিলে যোৰহাটবাসী৷ লভিতা নামৰ নাটকখনক লৈ ৰাজ্যজুৰি পৰিবেশ গৰম হৈ থকাৰ মাজতে আজি যোৰহাটত লভিতা নামৰ নাটকখন বন্ধ কৰাৰ দাবীত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে৷

থিয়েটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি লভিতা নামৰ নাটকখন নিষিদ্ধ ঘোষণা কৰাৰ দাবী জনায়৷

সাংস্কৃতিক নাট্য গোষ্ঠী আৱাহান থিয়েটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জনসাংস্কৃতিৰ পৰিষদ আৰু ড্ৰামা একাডেমীয়ে৷ থিয়েটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গণশিল্পী জ্যোতি প্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক ‘লভিতা’ক বিকৃত ৰূপত উপস্থাপন নকৰিবলৈ আৱাহান থিয়েটাৰ কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰে৷