Local, Vocal, Global

WATCH | Jorhat News : যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট পালন

যোৰহাট,২৬এপ্ৰিল : ড্ৰাগছৰ কৱলত পৰা যোৰহাট জিলাৰ যুৱ প্ৰজন্মই নিতৌ সংঘটিত কৰি আহিছে এটাৰ পাছত এটা নিৰ্লজ্জ ঘটনা। যি সমূহ ঘটনাই ম্লান কৰি তুলিছে যোৰহাটৰ গৌৰৱ।

শেহতীয়াকৈ যোৰহাটত এটা সপ্তাহৰ ভিতৰত সংঘটিত হৈছে দুটাকৈ মানৱ সমাজক লজ্জানত কৰা ঘটনা। দুজনকৈ যুৱকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল। আৰু এই ঘটনা সমূহৰ সন্দৰ্ভত চৰকাৰ তথা যোৰহাট আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক তিনি ঘন্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে(Jorhat News)।

স্মাৰক পত্ৰৰ জৰিয়তে পৰিষদে অবৈধ মদ, ড্ৰাগছৰ ঘটি সমূহ বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লিয়া, নগৰত নিশা লৈকে খোলা থকা দোকান সমূহ নিতৌ নিৰীক্ষণ কৰা, জিলাখনৰ স্পৰ্শ কাতৰ অঞ্চল সমূহ নিতৌ নিশা আৰক্ষীয়ে পৰিভ্ৰমণ কৰা, বেদঙ্গ ভূষণ বৰুৱা আৰু কৃষ্ণ হাজৰিকাৰ হত্যাৰ লগত জড়িত সকলক অতি সোনকালে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।

লগতে পঢ়ক : WATCH | Panchayat Election : সমাগত পঞ্চায়ত নিৰ্বাচন;ৰাজ্যৰ আকাশে বতাহে বলিচে নিৰ্বাচনী গৰম বতাহ