আন্দোলন নহলে তেওঁলোকৰ দোকান নচলেঃকটাক্ষ জয়ন্ত মল্ল বৰুৱা By MyNewsNE Desk On Nov 26, 2021 Share ২৬ নবেম্বৰঃ ৰাজ্যত পুনৰ উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ উক-মুকনি। ইতিমধ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অহা ১১ ডিচেম্বৰৰ পৰা ‘কা’ বিৰোধী আন্দোলন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। আৰু সকলো দল – সংগঠনক আন্দোলনত চামিল হবলৈ আহ্বান লুৰীণজ্যোতি গগৈৰ। এই আহ্বানৰ পিছতেই ‘কা’ আন্দোলনকাৰীক কটাক্ষ কৰি বিধায়ক জয়ন্ত মল্ল বৰুৱা কয় যে আন্দোলন নহলে তেওঁলোকৰ দোকানবোৰ নচলে, চান্দাও নুঠে। লগতে বৰুৱাই এই মন্তব্য প্ৰকাশ কৰে যে একাংশ তথাকথিত নেতাৰ চান্দাৰ দোকান বন্ধ হোৱাৰ বাবে এতিয়া আন্দোলন কৰিবলৈ গা পিৰপিৰাই আছে। লগতে চান্দাৰ ধাণ্ডাৰ বাবেহে একাংশই আন্দোলন কৰে জয়ন্ত মল্ল বৰুৱাই। Share FacebookTwitterReddItWhatsAppPinterestEmail