Japanese Encephalitis : ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ;জি এম চি এইচত ৬ জন ৰোগীৰ মৃত্যু
নিউজ ডেস্ক,১৮জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী ।
ৰাজ্যৰ প্ৰায় কেইখন জিলাতে এতিয়া কণ কণ শিশুৰ পৰা জ্যেষ্ঠ জনলৈকে আক্ৰান্ত হৈছে এই ৰোগত । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ ভৰ্তি হোৱা ৰোগীৰ সংখ্যা। আজি পৰ্যন্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছে ২৪ গৰাকী ৰোগী । আনহাতে বৰ্তমান চিকিৎসাধীন হৈ আছে ১২ গৰাকী ৰোগী । ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু আন এজন । বৰ্তমানলৈ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৬ জনলৈ বৃদ্ধি(Japanese Encephalitis) ।
এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয় যে, জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ নতুনকৈ মৃত্যু হৈছে আৰু এজন ৰোগী । মৃত্যু হোৱা ৰোগীজন মৰিগাঁৱৰ আমচৈৰ মাধুৰ্য মনোৱাৰ, বয়স ১২ বছৰ । আনহাতে, বাকী ভৰ্তি হৈ থকা ৰোগীসকলৰ ভিতৰত দুজনৰ অৱস্থা বৰ্তমানেও সংকটজনক ।তেওঁ লগতে কয় যে জাপানীজ এনকেফেলাইটিছৰ সমান্তৰালকৈ বৃদ্ধি পাইছে ডেংগী আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা ।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : ড্ৰাগছসহ গ্ৰেপ্তাৰ মাদ্ৰাছাৰ প্রধান শিক্ষক