Local, Vocal, Global

Drugs peddler arrested along with drugs : ড্ৰাগছসহ গ্ৰেপ্তাৰ মাদ্ৰাছাৰ প্রধান শিক্ষক

নিউজ ডেস্ক,১৮জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs peddler arrested along with drugs )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাতো অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বুধবাৰে নিশা নগাঁৱত কচুৱা আৰক্ষী থানাৰ অভিযান । অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰীক।

উল্লেখ্য যে, বুধবীৰে নিশা জুৰিপাৰত কচুৱা আৰক্ষীয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। উক্ত অভিযানত আৰক্ষীয়ে আটক কৰা নুৰ মহম্মদ নামৰ এজন সৰবৰাহকাৰীক।

ধৃত নুৰ মহম্মদৰ পৰা দুটা ড্ৰাগছ ভৰ্ত্তি চাবোনৰ বাকচত ২২.৭৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহৰ অভিযোগৰে অভিযুক্ত ধৃত নুৰ মহম্মদ জুৰিপাৰ হাফিজীয়া মাদ্ৰাছাৰ প্রধান শিক্ষক।

বৰ্তমান ধৃত নুৰ মহম্মদৰ বিৰুদ্ধে কচুৱা আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs)।

লগতে পঢ়ক : India at UN calls for immediate ceasefire in Gaza strip : ৰাষ্ট্ৰসংঘত ভাৰতে গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাইছে